Skip to content

যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ এজন ব্যক্তিক এইদৰে কোৱা শুনিলে যে, কা'বাৰ শপত। তৎক্ষণাত ইবনে ওমৰে ক'লেঃ আল্লাহৰ বাহিৰে আন কাৰো শপত খোৱা উচিত নহয়। কিয়নো মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ

যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে।

«مَنْ حَلَفَ بِغَيْرِ اللهِ فَقَدْ كَفَرَ أَوْ أَشْرَكَ».

(আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
ছহীহ
ব্যাখ্যা

হাদীছটোৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে আল্লাহৰ বাহিৰে তথা তেওঁৰ নাম আৰু গুণাৱলীৰ বাহিৰে আন কাৰো শপত কৰে, সি দৰাচলতে কুফৰী কৰে নাইবা শ্বিৰ্ক কৰে। কাৰণ শপত খোৱাৰ অৰ্থ হৈছে শপতকাৰীয়ে তাক অত্যন্ত তাজীম কৰে তথা খুবেই মহান বুলি গণ্য কৰে। পক্ষান্তৰে সৰ্বোচ্চ মহান সত্ত্বা তথা তাজীমৰ একমাত্ৰ হকদাৰ হৈছে আল্লাহ তাআলা। গতিকে আল্লাহৰ বাহিৰে তথা তেওঁৰ আচমা (নাম) অচ্ছিফাত (গুণাৱলী)ৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়। এই শপত হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক হিচাপে বিবেচিত। কিন্তু যদি কোনোবাই শপত খোৱা বস্তুটোক আল্লাহৰ সমান অথবা তাতকৈ বেছি সন্মান কৰে তেন্তে তেতিয়া সেইটো শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক হিচাপে গণ্য হয়।

শব্দাৰ্থ

من حلف: الحلف: اليمين، وهي توكيد الحكم بذكر معظّم تطمئن له نفس المخاطب.

كفر أو أشرك: يحتمل أن يكون هذا شكًّا من الراوي، ويحتمل أن تكون "أو" بمعنى الواو فيكون كفر وأشرك.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

শপতৰ জৰিয়তে তাজীম বা সন্মান পোৱাৰ একমাত্ৰ অধিকাৰী হৈছে মহান আল্লাহ। সেয়ে আল্লাহৰ সত্ত্বা, তেওঁৰ সুন্দৰ সুন্দৰ নাম আৰু তেওঁৰ গুণাৱলীৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়।

সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা মানুহক বাধা দিয়াৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল। বিশেষকৈ যদি সেই অসৎকৰ্মটো হয় শ্বিৰ্ক অথবা কুফৰ সম্পৰ্কীয়, তেন্তে সেইটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।

সম্পাদক

ছুনান তিৰমিজী (3/ 194) (1535).

ছুনান আবি দাঊদ (5/ 154- 155) (3251).

মুছনাদ আহমদ (9/ 249) (5346).

(9/ 275) (5375).

(10/ 249) (6072).

(1/ 343).

অধিক (11)

فتح المجيد شرح كتاب التوحيد.

لعبد الرحمن التميمي (ص413).

القول المفيد على كتاب التوحيد.

لابن عثيمين (2/ 214).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص326).

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص365).

التمهيد لشرح كتاب التوحيد.

لصالح آل الشيخ (ص452).

فتاوى اللجنة الدائمة.