আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আজান আৰু নামাজৰ প্ৰথম শাৰীৰ যি ফজীলত আছে, সেয়া যদি মানুহে জানিলেহেঁতেন, আৰু লটাৰিৰ বাহিৰে বেলেগ কোনো উপায়ে যদি এই সুযোগ লাভ কৰাটো সম্ভৱ নহ'লহেঁতেন তেন্তে সিহঁতে নিশ্চয় লটাৰিয়ে কৰিলেহেঁতেন। জোহৰৰ নামাজ আওৱাল ওৱাক্তত আদায় কৰাৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে ইয়াৰ বাবে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে ঈশ্বা আৰু ফজৰৰ নামাজ (জামাত)ত পঢ়াৰ যি ছোৱাব আছে, সেয়া যদি সিহঁতে জানিলেহেঁতেন তেন্তে সিহঁতে শিশুৰ দৰে আঠুৰ ওপৰত ভৰ কৰি চোঁচৰি হ'লেও আহিলহেঁতেন।"
«لَوْ يَعْلَمُ النَّاسُ مَا فِي النِّدَاءِ وَالصَّفِّ الْأَوَّلِ ثُمَّ لَمْ يَجِدُوا إِلَّا أَنْ يَسْتَهِمُوا عَلَيْهِ لَاسْتَهَمُوا، وَلَوْ يَعْلَمُونَ مَا فِي التَّهْجِيرِ لَاسْتَبَقُوا إِلَيْهِ، وَلَوْ يَعْلَمُونَ مَا فِي الْعَتَمَةِ وَالصُّبْحِ لَأَتَوْهُمَا وَلَوْ حَبْوًا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যদি মানুহে আজান আৰু নামাজৰ প্ৰথম শাৰীৰত থকা ফজীলত, খাইৰ তথা বৰকত সম্পৰ্কে জানিলেহেঁতেন, তেন্তে সিহঁতে এই সুযোগ লাভ কৰিবলৈ লটাৰি কৰিবলগীয়া হ'লেও কৰিলেহেঁতেন যে, লটাৰিত যাৰ যাৰ নাম ওলাব সিয়ে এই স্থান লাভ কৰিব। এইদৰে সিহঁতে যদি আওৱাল ওৱাক্তৰ ফজীলত সম্পৰ্কে গম পালেহেঁতেন তেন্তে সিহঁতে প্ৰতিযোগিতা কৰিলেহেঁতেন। এইদৰে সিহঁতে যদি ঈশ্বা আৰু ফজৰৰ চালাতত চামিল হোৱাৰ ছোৱাব সম্পৰ্কে অৱগত হ'লহেঁতেন তেন্তে সিহঁতে আগভাগ ল'বলৈ শিশুৰ দৰে চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন।
হাদীছটোত আজানৰ গুৰুত্ব বৰ্ণিত হৈছে।
প্ৰথম শাৰীৰ ফজীলত আৰু ইমামৰ নিচেই ওচৰত থিয় হোৱাৰ ফজীলত বৰ্ণিত হৈছে।
হাদীছটোত আওৱাল ওৱাক্তত নামাজ পঢ়াৰ গুৰুত্ব বৰ্ণিত হৈছে। আওৱাল ওৱাক্তত নামাজ পঢ়া মুস্তাহাব, কাৰণ ইয়াত মহা ফজীলত আছে। লগতে বহুতো উপকাৰিতাও আছে। যেনে- প্ৰথম শাৰীত থিয় হ'ব পৰা যায়। জামাতৰ প্ৰথম তাকবীৰ পোৱা যায়। নফল নামাজ পঢ়াৰ সুযোগ পোৱা যায়। কোৰআন তিলাৱত কৰাৰ সুবিধা থাকে। লগতে ফিৰিস্তাসকলৰ ক্ষমা প্ৰাৰ্থনা অৰ্জন হয়। লগতে যিমান সময় নামাজৰ বাবে অপেক্ষা কৰে, সিমান সময় নামাজৰ ছোৱাব লাভ হয়, ইত্যাদি।
বিশেষকৈ এই দুটা নামাজৰ জামাতত উপস্থিত হ'বলৈ উৎসাহিত কৰা হৈছে। ইয়াত মহা ছোৱাব আছে, কাৰণ এটা নামাজ হৈছে টোপনিৰ আগত আৰু আনটো হৈছে টোপনিৰ শেষত, সেয়ে এই নামাজ আদায় কৰাটো নফছৰ বাবে কষ্টকৰ। এই কাৰণেই এই নামাজ মুনাফিকসকলৰ বাবে অত্যন্ত ভাৰী বোজা।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, যদি কোনো ক্ষেত্ৰত লোকৰ সংখ্যা অধিক হয় তথা বিবাদ হয় তেন্তে লটাৰি কৰিব পাৰি।
নামাজৰ দ্বিতীয় শাৰীটো তৃতীয় শাৰীতকৈ উত্তম, এইদৰে তৃতীয় শাৰীটো চতুৰ্থ শাৰীতকৈ উত্তম। এইদৰে বাকীবোৰো।
ছহীহ বুখাৰী (1/ 126) (615).
ছহীহ মুছলিম (1/ 325) (437).
অধিক (2)
النهاية في غريب الحديث والأثر (1000) (185).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (10/ 267).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- التحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة على ضوء الكتاب والسنةالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة«لَوْ يَعْلَمُ النَّاسُ مَا فِي النِّدَاءِ وَالصَّفِّ الأَوَّلِ ثُمَّ لَمْ يَجِدُوا إِلَّا أَنْ يَسْتَهِمُوا عَلَيْهِ لَاسْتَهَمُوا» [117]
- الصلاة التي علمها النبي ﷺ الصحابة رضي الله عنهم«لَوْ يَعْلَمُ النَّاسُ مَا فِي النِّدَاءِ وَالصَّفِّ الْأَوَّلِ، ثُمَّ لَمْ يَجِدُوا إِلَّا أَنْ يَسْتَهِمُوا عَلَيْهِ لَاسْتَهَمُوا، وَلَوْ يَعْلَمُونَ مَا فِي التَّهْجِيرِ، لَاسْتَبَقُوا إِلَيْهِ، وَلَوْ يَعْلَمُونَ مَا فِي الْعَتَمَةِ و
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“لو يعلم الناس ما في النداء والصف الأول ثم لم يجدوا إلا أن يستهموا عليه لاستهموا”.
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«ولو يعلمونَ ما في العَتْمةِ والصُّبحِ لأَتَوْهُما وَلو حَبْواً».