Skip to content

তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।

হুজাইফাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে এনেকৈ নক'বা যে, 'আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে'; বৰং এনেকৈ কোৱা, 'আল্লাহে যি বিচাৰিছে তাৰ পিছত অমুকে যি বিচাৰিছে'।"

«لَا تَقُولُوا: مَا شَاءَ اللهُ وَشَاءَ فُلَانٌ، وَلَكِنْ قُولُوا: مَا شَاءَ اللهُ ثُمَّ شَاءَ فُلَانٌ».

(আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে কোনো মুছলিমে যেন এনেকৈ নকয় যে, "আল্লাহে যি বিচাৰে আৰু অমুকে যি বিচাৰে।" অথবা, "আল্লাহে আৰু অমুকে যি বিচাৰে।" এইদৰে ক'বলৈ এই কাৰণে নিষেধ কৰিছে যে, আল্লাহৰ ইচ্ছা আৰু ইৰাদা হৈছে ব্যাপক, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। আনহাতে ইয়াত যদি "আৰু" শব্দটো ব্যৱহাৰ কৰা হয় তেন্তে ইয়াৰ দ্বাৰা এইটো বুজায় যে, আল্লাহৰ অংশীদাৰ আছে তথা উভয়ৰ মাজত কোনো পাৰ্থক্য নাই। সেয়ে এনেকৈ ক'ব লাগে যে, "আল্লাহে যি বিচাৰে, তাৰ পিছত অমুকে যি বিচাৰে।" এতেকে "আৰু"ৰ ঠাইত "তাৰ পিছত" শব্দ ব্যৱহাৰ কৰিলে বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ বুলি প্ৰমাণিত হ'ব। পক্ষান্তৰে 'আৰু' ব্যৱহাৰ কৰিলে সেইটো নুবুজায়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

"আল্লাহে যি বিচাৰে আৰু আপুনি যি বিচাৰে", এই কথা বা এই ধৰণৰ অন্য যিকোনো কথা য'ত আল্লাহৰ সৈতে "আৰু" শব্দ ব্যৱহাৰ কৰি বান্দাৰ কথা কোৱা হৈছে, তেনেকুৱা কথা কোৱা হাৰাম। কাৰণ এইটো হৈছে কথাৰ মাধ্যমত কৰা শ্বিৰ্ক।

"আল্লাহে যি বিচাৰে আৰু তাৰ পিছত আপুনি যি বিচাৰে", এনেকুৱা কথা য'ত আল্লাহৰ সৈতে বান্দা সম্পৰ্কীয় কোনো বিষয়ক যুক্ত কৰিবলৈ "তাৰ পিছত" শব্দ ব্যৱহাৰ হৈছে তেনেকুৱা কথা কোৱাত কোনো অসুবিধা নাই।

হাদীছটোৰ দ্বাৰা প্ৰমাণিত হ'ল যে, আল্লাহৰ ইচ্ছা শক্তি আছে আৰু বান্দাৰো ইচ্ছা শক্তি আছে। লগতে এই কথাও স্পষ্ট কৰা হৈছে যে, বান্দাৰ ইচ্ছা হৈছে আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

আল্লাহৰ ইচ্ছাত বান্দাক অংশীদাৰ কৰিবলৈ নিষেধ কৰা হৈছে, যদিও শাব্দিক অংশীদাৰেই নহওক কিয়।

যদি কোনোবাই এই বিশ্বাস কৰে যে, বান্দাৰ ইচ্ছাও সৰ্বশক্তিমান আল্লাহৰ ইচ্ছাৰ দৰেই অসীম তথা ব্যাপক, অথবা বান্দাৰ ওচৰত আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কোনো ইচ্ছাশক্তি আছে, তেন্তে এইটো হ'ব শ্বিৰ্কে আকবাৰ। আনহাতে যদি আল্লাহৰ ইচ্ছাতকৈ স্বতন্ত্ৰ কিন্তু কম বুলি বিশ্বাস কৰে তেন্তে সেইটো হ'ব শ্বিৰ্কে আচগাৰ।

সম্পাদক

ছুনান আল-কুবৰা লিন নাছায়ী (9/ 361) (10755).

ছুনান আবি দাঊদ (7/ 334) (4980).

মুছনাদ আহমদ (38/ 299) (23265).

(38/ 364) (23339).

অধিক (4)

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص368).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص329).