যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।
বুৰাইদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"
«مَنْ حَلَفَ بِالْأَمَانَةِ فَلَيْسَ مِنَّا».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমানতৰ শপত খাবলৈ নিষেধ কৰিছে তথা সতৰ্ক কৰিছে। যিয়ে এনেকুৱা কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয় বুলি কৈছে।
আল্লাহৰ বাহিৰে আনৰ শপত খোৱা হাৰাম। উদাহৰণস্বৰূপে আমানতৰ শপত খোৱা। এনেকুৱা শপত হৈছে শ্বিৰ্কে আচগৰ।
আমানত বোলোঁতে ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক সামৰি লোৱা হয়, যেনে- আনুগত্য তথা আদেশ পালন, ইবাদত, আমানত তথা জামানত, ধনৰ লেনদেন আৰু নিৰাপত্তা আদি।
আল্লাহৰ শপত খালেহে শপত সাব্যস্ত হয়, অথবা তেওঁৰ কোনো নামৰ শপত, নাইবা কোনো গুণাৱলীৰ শপত খালেহে সেইটো শপত হিচাপে গ্ৰহণযোগ্য হয়।
খত্তাবীয়ে কৈছে: ইয়াত এইটো বুজা যায় যে, ইয়াক (আমানতৰ শপত খোৱাক) এই কাৰণে নিষেধ কৰা হৈছে, যিহেতু মানুহক আল্লাহৰ আৰু তেওঁৰ গুণসমূহৰ শপত খোৱাৰহে আদেশ দিয়া হৈছে। লগতে আমানত আল্লাহৰ কোনো গুণবাচক নাম নহয়, বৰং এইটো হৈছে আল্লাহৰ আদেশ আৰু তেওঁৰ ফৰজসমূহৰ অন্যতম এটা। সেইকাৰণে ইয়াক আল্লাহৰ নাম আৰু তেওঁৰ গুণাৱলীৰ সমপৰ্যায় কৰিবলৈ নিষেধ কৰা হৈছে।
ছুনান আবি দাঊদ (5/ 155) (3253).
মুছনাদ আহমদ (38/ 82) (22980).
অধিক (12)
نزهة المتقين.
لمجموعة من الباحثين (2/ 1166).
بهجة الناظرين.
لسليم الهلالي (3/ 201).
مشكاة المصابيح.
للتبريزي (2/ 1020).
شرح رياض الصالحين.
لابن عثيمين (6/ 452).
معالم السنن.
للخطابي (4/ 46).
سبل السلام.
الصنعاني (2/ 550 ).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- التحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة على ضوء الكتاب والسنةالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة«مَنْ حَلَفَ بِالأَمَانَةِ فَلَيْسَ مِنَّا» [100].
- ترجمة المقاطع المرئية - مشروع هدايات 1«من حلف بالأمانة فليس منا»
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 8«مَنْ حَلَفَ بِالأمانَةِ فَليْسَ مِنَّا».
- عقيدة الأئمة الأربعة«مَنْ حَلَفَ بِالْأَمَانَةِ فَلَيْسَ مِنَّا»
- محرمات استهان بها كثير من الناسمن حلف بالأمانة فليس مِنَّا