Skip to content

হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে, তেখেতে এই বুলি দুআ কৰিছিল:

"হে আল্লাহ! মই তোমাৰ ওচৰত হিদায়ত প্ৰাৰ্থনা কৰোঁ, তাক্বৱা বিচাৰোঁ, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ বাবে প্ৰাৰ্থনা জনাওঁ।"

«اللهُمَّ إِنِّي أَسْأَلُكَ الْهُدَى وَالتُّقَى، وَالْعَفَافَ وَالْغِنَى».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত আহিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই বুলি দুআ কৰিছিল যে, (اللهم إني أسألك الهدى) অৰ্থাৎ হে আল্লাহ! মই তোমাৰ ওচৰত সত্যৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ আৰু সেইমতে আমল কৰাৰ আৰু পোন পথত পৰিচালিত হোৱাৰ তাওফীক কামনা কৰোঁ। (والتقى) তোমাৰ নিৰ্দেশনা যাতে পালন কৰিব পাৰোঁ আৰু তোমাৰ নিষেধাজ্ঞাৰ পৰা যাতে বিৰত থাকিব পাৰোঁ। (والعفاف) চাৰিত্ৰিক পৱিত্ৰতা কামনা কৰোঁ, কথাই হওক বা কৰ্ম কোনো ধৰণৰ অশালীন ব্যৱহাৰ যাতে মোৰ দ্বাৰা নহয়। (والغنى) মখলুকৰ পৰা অমুখাপেক্ষী হৈ, একমাত্ৰ তোমাৰ মুখাপেক্ষী হোৱাৰ তাওফীক কামনা কৰোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত হিদায়ত, তাক্বৱা, চাৰিত্ৰিক পৱিত্ৰতা আৰু সচ্ছলতাৰ মৰ্যাদা বৰ্ণিত হৈছে, তথা এইবোৰ বৈশিষ্ট্য অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্বয়ং নিজৰে উপকাৰ বা ক্ষতি কৰাৰ ক্ষমতা নাছিল। কিয়নো এই ক্ষমতা হৈছে একমাত্ৰ আল্লাহৰ হাতত।

উপকাৰ বা অপকাৰ কৰাৰ আৰু সৃষ্টিক হিদায়ত দিয়াৰ একমাত্ৰ ক্ষমতা হৈছে আল্লাহৰ হাতত। আল্লাহৰ বাহিৰে এই ক্ষমতা কোনো নৈকট্যপ্ৰাপ্ত ফিৰিস্তা অথবা কোনো প্ৰেৰিত নবী নাইবা বেলেগ কাৰো হাততেই নাই।

সম্পাদক

ছহীহ মুছলিম (4/ 2087) (2721).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 146).

تطريز رياض الصالحين.

لفيصل المبارك (ص68).

كنوز رياض الصالحين.

لمجموعة من الباحثين (2/ 183).

شرح رياض الصالحين.

لابن عثيمين (1/ 528).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 104).