কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁৰ ওচৰলৈ এজন চুক্তিবদ্ধ দাস আহি ক'লেঃ মই মোৰ নিৰ্ধাৰিত অৰ্থ দিবলৈ অপাৰগ হৈছোঁ, গতিকে আপুনি মোক সহায় কৰক। তেতিয়া তেওঁ ক'লেঃ মই তোমাক এনেকুৱা কিছুমান শব্দ শিকামনে? যিবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক শিকাইছিল। (শুনা! এই দুআটো নিয়মিত পাঠ কৰিলে) তোমাৰ ওপৰত যদি চীৰ পৰ্বত সমানো ঋণ থাকে তেন্তে সেয়া তোমাৰ ফালৰ পৰা আল্লাহে পৰিশোধ কৰি দিব। তেখেতে কৈছেঃ
"কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
«قُلْ: اللَّهُمَّ اكْفِنِي بِحَلاَلِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ».
আমিৰুল মুমিনীন আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ এজন কৃতদাস আহিল, যিয়ে নিজৰ মালিকৰ সৈতে ধনৰ বিনিময়ত মুক্তিৰ বাবে চুক্তি কৰিছিল, যাতে সেই নিৰ্ধাৰিত পৰিমাণৰ ধন আদায় দিলে সি দাসত্ব জীৱনৰ পৰা মুক্তি লাভ কৰিব পাৰে। কিন্তু তেওঁৰ ওচৰত পৰ্যাপ্ত ধন নাছিল, তেওঁ আহি ক'লেঃ মই মোৰ মালিকৰ নিৰ্ধাৰিত ধন আদায় দিয়াৰ ক্ষেত্ৰত অপাৰগ হৈছোঁ। এতেকে এই ধন আদায় দিয়াৰ ক্ষেত্ৰত আপুনি মোক সহায় কৰক, নাইবা মোক কিবা শিকাই দিয়ক বা পৰামৰ্শ দিয়ক। তেতিয়া আমিৰুল মুমিনীনে তেওঁক ক'লেঃ মই তোমাক সেই বাক্য কেইটা শিকাই নিদিমনে, যিবোৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক শিকাইছিল। তোমাৰ ওপৰত যদি চীৰ পৰ্বত সমানো ঋণ থাকে, এই পৰ্বতটো হৈছে ত্বাই গোত্ৰত অৱস্থিত, তথাপিও আল্লাহে তোমাক সেই ঋণ পৰিশোধ কৰাৰ তাওফীক প্ৰদান কৰিব। লগতে তোমাক এই দুশ্চিন্তাৰ পৰা ৰক্ষা কৰিব। তেখেতে ক'লে, কোৱাঃ "কোৱাঃ আল্লাহুম্মাকফিনী বিহালালিকা আন হাৰামিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱাক।" অৰ্থঃ (হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
আহলে ইল্ম তথা দ্বীন সম্পৰ্কীয় বিশেষজ্ঞ লোকৰ পৰা পৰামৰ্শ বা মতামত লোৱা উচিত।
আহলে ইল্ম আৰু আল্লাহৰ প্ৰতি আহ্বানকাৰী লোকসকলৰ বাবে উচিত তেওঁলোকে আহ্বান কৰিবলগীয়া লোকসকলক সৎ পৰামৰ্শ দিব লাগে, লগতে তেওঁলোকক সেইবোৰ সমস্যাৰ সমাধান দিব লাগে যিবোৰ সমস্যাৰ সন্মুখীন তেওঁলোক হৈছে।
বিশেষকৈ চুক্তিবদ্ধ কৃতদাসক সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে।
এই দুআটো পাঠ কৰিবলৈ আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
প্ৰচুৰ পৰিমাণৰ হাৰাম সম্পদতকৈ কম পৰিমাণৰ হালাল জীৱিকাই উত্তম।
মানুহৰ পৰা অমুখাপেক্ষী হৈ আল্লাহৰ মুখাপেক্ষী হোৱা উচিত।
যদি কোনোবাই কিবা বিচাৰে তেন্তে উত্তমভাৱে তাৰ প্ৰতি সঁহাৰি দিবলৈ উৎসাহিত কৰা হৈছে, যদিও তাক দিবলৈ একো নাথাকে।
ছুনান তিৰমিজী (5/ 526) (3563).
অধিক (9)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 565).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1013).
كنوز رياض الصالحين.
لمجموعة من الباحثين (17/ 456).
فيض القدير شرح الجامع الصغير.
للمناوي (3/ 111).
النهاية في غريب الحديث والأثر (3/ 9).
গ্ৰন্থসমূহত উল্লেখিত
11 গ্ৰন্থসমূহ- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আল্লা-হুম্মাকফিনী বিহালা-লিকা আন হাৰা-মিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱা-ক।”[১৭৭] অৰ্থঃ হে আল্লাহ! হাৰাম জীৱিকাৰ পৰা তোমাৰ হালাল জীৱিকা মোৰ বাবে যথেষ্ট কৰি দিয়া। লগতে তোমাৰ বাহিৰে সকলো লোকৰ পৰা মোক অমুখাপেক্ষী কৰি দিয়া।
- হিচনুল মুছলিম (কোৰআন আৰু ছুন্নাহৰ পৰা সংগৃহীত কিছুমান আজকাৰ)حصن المسلم“আল্লা-হুম্মাকফিনী বিহালা-লিকা আন হাৰা-মিক, ওৱা আগনিনী বিফাজলিকা আম্মান ছিৱা-ক।”
অধিক (9)
- أدعية جامعةأدعية جامعة (للحرمين)53. «اللَّهُمَّ اكْفِنِي بِحَلالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ».
- التحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة على ضوء الكتاب والسنةالتحقيق والإيضاح لكثير من مسائل الحج والعمرة والزيارة - النسخة المعتمدة* اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ[71].
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"اللهم اكفني بحلالك عن حرامك، واغنني بفضلك عن سواك".
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات4- أدعية جامعة (للحرمين)«اللَّهُمَّ اكْفِنِي بِحَلالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 7«اللهم اكْفِنِي بحلالك عَنْ حرامِكَ، وأغْنِنِي بفضِلكَ عمَّنْ سواكَ».
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ» [94].
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ» [115].
- قاموس الكبائر«اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ» [94].
- قاموس الكبائر«اللَّهُمَّ اكْفِنِي بِحَلَالِكَ عَنْ حَرَامِكَ، وَأَغْنِنِي بِفَضْلِكَ عَمَّنْ سِوَاكَ» [115].