যিয়ে উত্তমৰূপে ভালকৈ অজু কৰে, তাৰ শৰীৰৰ পৰা পাপ সৰি পৰে। আনকি আঙুলিৰ নখৰ তলৰ পৰাও ওলাই আহে।
উচমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
যিয়ে উত্তমৰূপে ভালকৈ অজু কৰে, তাৰ শৰীৰৰ পৰা পাপ সৰি পৰে। আনকি আঙুলিৰ নখৰ তলৰ পৰাও ওলাই আহে।
«مَنْ تَوَضَّأَ فَأَحْسَنَ الْوُضُوءَ خَرَجَتْ خَطَايَاهُ مِنْ جَسَدِهِ حَتَّى تَخْرُجَ مِنْ تَحْتِ أَظْفَارِهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে অজুৰ ছুন্নত তথা নিয়ম-নীতিৰ প্ৰতি মনোযোগ প্ৰদান কৰি অজু কৰে, ইয়াৰ ফলত তাৰ গুনাহসমূহ ক্ষমা হৈ যায় আৰু পাপকৰ্ম মচি দিয়া হয়। আনকি হাতৰ আৰু ভৰিৰ আঙুলিৰ নখৰ তলৰ পৰাও গুনাহ সৰি পৰে।
...:
অজুৰ নিয়ম-নীতি আৰু ইয়াৰ ছুন্নতসমূহ শিকিবলৈ তথা সেইমতে আমল কৰিবলৈ হাদীছটোত উৎসাহিত কৰা হৈছে।
হাদীছটোত অজুৰ ফজিলত বৰ্ণিত হৈছে যে, ইয়াৰ দ্বাৰা চাগীৰাহ তথা সৰু গুনাহসমূহ মাফ হৈ যায়। আনহাতে কাবীৰাহ গুনাহৰ বাবে তাওবা অনিবাৰ্য।
গুনাহ তেতিয়াহে সৰি পৰিব যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই দিয়া নিয়ম অনুসাৰে পৰিপূৰ্ণৰূপে অজু কৰা হ'ব।
এই হাদীছটোত গুনাহ ক্ষমা হোৱা সম্পৰ্কে যিটো কথা কোৱা হৈছে সেইটো কাবীৰাহ গুনাহ পৰিহাৰ কৰা আৰু তাৰ পৰা তওবা কৰাৰ সৈতে জড়িত। মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ তোমালোকক যি নিষেধ কৰা হৈছে তাৰ মাজৰ পৰা যিবোৰ কবীৰা গুণাহ সেইবোৰৰ পৰা তোমালোকে যদি বিৰত থাকা তেন্তে আমি তোমালোকৰ সৰু-সুৰা পাপসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানজনক স্থানত প্ৰৱেশ কৰাম। (ছুৰা নিছাঃ ৩১)
ছহীহ মুছলিম (1/ 216) (245).
অধিক (6)
شرح رياض الصالحين.
لابن عثيمين (5/ 9).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخِن وغيره (2/ 763).
بهجة الناظرين.
سليم الهلالي (2/ 247).
গ্ৰন্থসমূহত উল্লেখিত
8 গ্ৰন্থসমূহঅধিক (7)
- المختصر المفيد للمسلم الجديد(من توضأ فأحسن الوضوء خرجت خطاياه من جسده).
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“من توضأ فأحسن الوضوء خرجت خطاياه من جسده حتى تخرج من تحت أظفاره”.
- خطب تعظيم قدر الصلاة"مَنْ تَوَضَّأَ فَأَحْسَنَ الْوُضُوءَ خَرَجَتْ خَطَايَاهُ مِنْ جَسَدِهِ، حَتَّى تَخْرُجَ مِنْ تَحْتِ أَظْفَارِهِ" رواه مسلم [26]،
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 5«مَنْ تَوَضَّأَ فَأَحْسَنَ الوُضُوءَ، خَرَجَتْ خَطَايَاهُ مِنْ جَسَدِهِ حَتَّىٰ تَخْرُجَ مِنْ تَحْتِ أَظفارِه».
- مجموعة زاد الحديث(3)1«من توضَّأ فأحْسَنَ الوُضُوءَ خَرَجَت خطاياه من جَسَدِهِ حتى تخرجَ من تحتِ أظفارِهِ»
- مشروع منهاج زادكزادك 1 طالب«مَنْ تَوَضَّأَ فَأَحْسَنَ الْوُضُوءَ خَرَجَتْ خَطَايَاهُ مِنْ جَسَدِهِ، حَتَّى تَخْرُجَ مِنْ تَحْتِ أَظْفَارِهِ»
- من الأحكام الفقهية في الطهارة والصلاة والجنائز«مَنْ تَوَضَّأَ فَأَحْسَنَ الْوُضُوءَ خَرَجَتْ خَطَايَاهُ مِنْ جَسَدِهِ، حَتَّى تَخْرُجَ مِنْ تَحْتِ أَظْفَارِهِ»