Skip to content

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল।

ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ) «التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ» ‎("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ।"‎ বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ، ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান ‎নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ‎ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না ‎মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"

عَلَّمَنِي رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَكَفِّي بَيْنَ كَفَّيْهِ، التَّشَهُّدَ، كَمَا يُعَلِّمُنِي السُّورَةَ مِنَ القُرْآنِ: «التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ». وفي لفظ لهما: «إِنَّ اللهَ هُوَ السَّلَامُ، فَإِذَا قَعَدَ أَحَدُكُمْ فِي الصَّلَاةِ فَلْيَقُلْ: التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ، فَإِذَا قَالَهَا أَصَابَتْ كُلَّ عَبْدٍ لِلَّهِ صَالِحٍ فِي السَّمَاءِ وَالْأَرْضِ، أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، ثُمَّ يَتَخَيَّرُ مِنَ الْمَسْأَلَةِ مَا شَاءَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবনে মাছঊদক নামাজৰ তাশ্বাহহুদত পঢ়িবলগীয়া দুআটো শিকাইছিল। তেতিয়া তেওঁৰ হাত তেখেতৰ হাতৰ ভিতৰত আছিল, যাতে তেওঁ পৰিপূৰ্ণৰূপে মনোযোগ দিয়ে। তেখেতে তেওঁক তাশ্বাহহুদ সিমানেই গুৰুত্ব সহকাৰে শিকাইছিল যিমান গুৰুত্ব সহকাৰে তেওঁক কোৰআনৰ ছুৰা শিকাইছিল। এই কথাটোৱে তাশ্বাহহুদৰ শব্দ আৰু অৰ্থৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বৰ প্ৰমাণ কৰে। তেখেতে কৈছেঃ "আত্তাহিয়্যাতু লিল্লাহি " অৰ্থাৎ সকলো প্ৰকাৰৰ সন্মানসূচক কথা হওক বা কৰ্ম, ইয়াৰ প্ৰাপ্য অধিকাৰ হৈছে একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ। "আচ্ছালাৱাত" অৰ্থাৎ সকলো প্ৰকাৰ নামাজ ফৰজ হওক বা নফল একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "ُআত-তায়্যিবাত" পৱিত্ৰতা আৰু স্বয়ংসম্পূৰ্ণতা প্ৰমাণ কৰিব পৰা সকলো কথা আৰু কৰ্ম তথা সকলো বৈশিষ্ট্য একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "আচ্ছালামু আলাইকা আয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ" এইটো হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে এটা দুআ, যাতে তেখেত সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা তথা অপ্ৰিয় ঘটনাৰ পৰা সুৰক্ষিত থাকে, লগতে তেখেতৰ বাবে কল্যাণ বৃদ্ধি হয়। "আচ্ছালামু আলাইনা অ আলা ইবাদিল্লাহিচ্ছলিহীন" এইটো হৈছে নামাজীসকলৰ বাবে লগতে আকাশ আৰু পৃথিৱীত থকা সকলো নেক বান্দাৰ বাবে দুআ। "আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ" অৰ্থাৎ মই সম্পূৰ্ণ দৃঢ়তাৰ সৈতে এই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "ওৱা আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ" লগতে মই সাক্ষ্য দিওঁ যে, তেখেত হৈছে আল্লাহৰ বান্দা আৰু অন্তিম ৰাছুল। এই দুআটো পাঠ কৰাৰ পিছত নিজৰ ইচ্ছা মতে দুআ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই দুআটো প্ৰত্যেক নামাজৰ শেষ ছাজদাৰ পিছত যিটো তাশ্বাহহুদৰ বৈঠক হয় সেইটোত পঢ়িব লাগে, লগতে তিনি আৰু চাৰি ৰাকাত বিশিষ্ট নামাজত দুই ৰাকাতৰ পিছত যিটো বৈঠক হয় সেইটোতো পঢ়িব লাগে।

তাশ্বাহহুদৰ বৈঠকত "আত্তাহিয়্যাতু" পাঠ কৰা ওৱাজিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত যিকোনো শব্দৰে তাশ্বাহহুদ পঢ়া জায়েজ।

গুনাহ নোহোৱা নিজৰ মনে বিচৰা যিকোনো দুআ নামাজৰ এই স্থানত কৰিব পাৰে।

দুআ কৰাৰ সময়ত প্ৰথমে নিজৰ বাবে দুআ কৰা মুস্তাহাব।

সম্পাদক

ছহীহ বুখাৰী (8/ 59) (6265).

ছহীহ মুছলিম (1/ 301) (402).

অধিক (6)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 168).

تيسير العلام شرح عمدة الأحكام.

للبسام (ص206).

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص94).