Skip to content

যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।" নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ শাক-পাচলিৰে ভৰা এটা পাত্ৰ অনা হ'ল, তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে আৰু সেই বিষয়ে প্ৰশ্ন কৰিলে, ফলত তাত থকা শাক-পাচলি সম্পৰ্কে তেখেতক জনোৱা হ'ল। তেতিয়া তেখেতে তেখেতৰ সৈতে অৱস্থান কৰা কোনো এজন চাহাবীক সেইখিনি দিবলৈ ক'লে, সেই চাহাবীজনে যেতিয়া দেখিলে, তেতিয়া তেৱোঁ সেইটো খাবলৈ অপছন্দ কৰিলে। তেতিয়া তেখেতে ক'লেঃ "তুমি খোৱা, কাৰণ মই যাৰ সৈতে কথা পাতোঁ তুমি তাৰ সৈতে কথা নোকোৱা।" ইমাম মুছলিমে জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰত বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে এই নহৰু জাতীয় উদ্ভিদ খাব, আন এবাৰ তেখেতে কৈছিলঃ যিয়ে (কেঁচা) পিঁয়াজ, নহৰু আৰু লীক (Leek) (নহৰু আৰু পিঁয়াজ জাতীয় এবিধ উদ্ভিদ) আদি খাইছে, তেওঁ যেন আমাৰ মছজিদৰ ওচৰলৈ নাহে, কাৰণ ইয়াৰ দ্বাৰা ফিৰিস্তাসকলে কষ্ট পায়, যিদৰে আদম সন্তানে কষ্ট পায়।"

«مَنْ أَكَلَ ثُومًا أَوْ بَصَلًا، فَلْيَعْتَزِلْنَا -أَوْ قَالَ: فَلْيَعْتَزِلْ- مَسْجِدَنَا، وَلْيَقْعُدْ فِي بَيْتِهِ»، وَأَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أُتِيَ بِقِدْرٍ فِيهِ خَضِرَاتٌ مِنْ بُقُولٍ، فَوَجَدَ لَهَا رِيحًا، فَسَأَلَ فَأُخْبِرَ بِمَا فِيهَا مِنَ البُقُولِ، فَقَالَ قَرِّبُوهَا إِلَى بَعْضِ أَصْحَابِهِ كَانَ مَعَهُ، فَلَمَّا رَآهُ كَرِهَ أَكْلَهَا، قَالَ: «كُلْ فَإِنِّي أُنَاجِي مَنْ لاَ تُنَاجِي». ولِمُسْلِمٍ عَنْ جَابِرِ بْنِ عَبْدِ اللهِ، عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «مَنْ أَكَلَ مِنْ هَذِهِ الْبَقْلَةِ، الثُّومِ - وقَالَ مَرَّةً: مَنْ أَكَلَ الْبَصَلَ وَالثُّومَ وَالْكُرَّاثَ فَلَا يَقْرَبَنَّ مَسْجِدَنَا، فَإِنَّ الْمَلَائِكَةَ تَتَأَذَّى مِمَّا يَتَأَذَّى مِنْهُ بَنُو آدَمَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অচাল্লামে হাদীছটোত (কেঁচা) নহৰু আৰু পিঁয়াজ খাই মছজিদত আহিবলৈ নিষেধ কৰিছে। যাতে জামাআতৰ সৈতে নামাজ পঢ়িবলৈ অহা লোকে কষ্ট নাপায়। এই নিষেধাজ্ঞা কেৱল মছজিদত অহাৰ ক্ষেত্ৰতহে, খোৱাৰ ক্ষেত্ৰত নহয়। কাৰণ এই দুয়োবিধ খাদ্য বৈধ। এবাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ চালাদৰ পাত্ৰ অনা হ'ল, য'ত কেঁচা শাক-পাচলি আছিল। যেতিয়া তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে তেতিয়া তেখেতে সেইটো খাবলৈ অস্বীকাৰ কৰিলে আৰু সেই পাত্ৰটো চাহাবাসকলৰ ওচৰলৈ পঠিয়াই দিলে। তেখেতৰ অনুসৰণ কৰি চাহাবীজনেও খাবলৈ অপছন্দ কৰিলে। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ খোৱা। মই এই কাৰণে খোৱা নাই, কাৰণ মই অহী লৈ অহা ফিৰিস্তাৰ সৈতে কথা পাতোঁ। লগতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেয়া গোন্ধৰ পৰা যিদৰে মানুহে কষ্ট পায় সেইদৰে ফিৰিস্তাসকলেও কষ্ট পায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

পিঁয়াজ নহৰু আৰু লীক, এই জাতীয় উদ্ভিদ খাই মছজিদত আহিবলৈ নিষেধ কৰা হৈছে।

ইয়াৰ ভিতৰত প্ৰত্যেক সেই দুৰ্গন্ধযুক্ত বস্তু অন্তৰ্ভুক্ত, যাৰ দ্বাৰা মুচল্লিৰ কষ্ট হয়। উদাহৰণস্বৰূপে বিড়ি, চিগাৰেট, ধঁপাত আদিৰ গোন্ধ।

নিষেধৰ মূল কাৰণ হৈছে বেয়া গোন্ধ। ৰান্ধিলে অথবা বেলেগ কোনো উপায়ে যদি এই গোন্ধ দূৰ হয়, তেন্তে কোনো অসুবিধা নাই।

মছজিদত নামাজৰ বাবে অহা ব্যক্তিৰ বাবে এইবোৰ খোৱা অপছন্দনীয়। কিন্তু যদি কোনোবাই জামাআতত চামিল হোৱাৰ পৰা বিৰত থকাৰ কূটকৌশলেৰে এইটো খায় তেন্তে সেয়া হ'ব হাৰাম।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নহৰু খাবলৈ অস্বীকাৰ কৰাৰ অৰ্থ এইটো নহয় যে, এইটো হাৰাম। বৰং তেখেতে জিব্ৰীলৰ সৈতে কথা পাতে কাৰণে খোৱা নাছিল।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম শিকন পদ্ধতি। তেখেতে বিধান বৰ্ণনা কৰাৰ লগতে কাৰণো উল্লেখ কৰিছে। যাতে সম্বোধনকৃত ব্যক্তিয়ে ৰহস্য সম্পৰ্কে জানি সন্তুষ্ট হয়।

ক্বাজী ৰাহিমাহুল্লাহে কৈছেঃ উমালাসকলে মছজিদৰ বাহিৰে অন্যান্য নামাজৰ ঠাইকো ইয়াৰ অন্তৰ্ভুক্ত কৰিছে, উদাহৰণস্বৰূপে ঈদৰ নামাজ, জানাযাৰ নামাজ আদি। এইদৰে ইল্ম অৰ্জনৰ বৈঠক, সভাস্থল আৰু নিমন্ত্ৰণৰ বৈঠক আদিও ইয়াৰ অন্তৰ্ভুক্ত। কিন্তু হাট-বজাৰ বা এইধৰণৰ আন কোনো ঠাই ইয়াৰ অন্তৰ্ভুক্ত নহয়।

উলামাসকলে কৈছেঃ এই হাদীছটোৱে প্ৰমাণ কৰে যে, কেঁচা নহৰু আদি খাই মছজিদত প্ৰৱেশ কৰা নিষেধ, যদিও মছজিদ খালী থাকে। কাৰণ মছজিদত ফিৰিস্তা থাকে। হাদীছটোৰ ব্যাপক অৰ্থ এইটোৱে বুজায়।

সম্পাদক

ছহীহ বুখাৰী (1/ 170) (855).

ছহীহ মুছলিম (1/ 394) (564).

(1/ 395) (564).

অধিক (6)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص204).

تنبيه الأفهام شرح عمدة الأحكام.

لابن عثيمين (2/ 260).

تاج العروس من جواهر القاموس.

للزَّبيدي (5/ 332).