Skip to content

এজন প্রশ্নকাৰীয়ে প্ৰশ্ন কৰিছে যে, এজনী মহিলাই প্রসূতি অৱস্থাত থকাৰ সময়ত ৰমজানৰ সাতটা ৰোজা কৰিব পৰা নাছিল, কিন্তু সেই ৰোজা ক্বাজা নকৰাকৈয়ে দ্বিতীয় ৰমজান আহি পৰিল, এই ৰমজানতো সন্তানক পিয়াহ খোৱাবলগীয়া হোৱাত সাতটা ৰোজা কৰিব পৰা নাই, কিন্তু এতিয়া অসুস্থতাৰ কাৰণে সেই ৰোজাবোৰৰ ক্বাজা পালন কৰিব পৰা নাই। আনকি এতিয়া তৃতীয় ৰমজান প্ৰৱেশ কৰাৰ উপক্রম হৈছে! এতিয়া তাইৰ কৰণীয় কি? অনুগ্ৰহ কৰি জনাব। আল্লাহে আপোনাক উত্তম প্রতিদান দিয়ক।

السؤال

প্ৰশ্ন নং ১-

س19: امرأةٌ أفطرت في رمضان سبعة أيامٍ وهي نفساء، ولم تقض حتى أتاها رمضان الثاني، وطافها من رمضان الثاني سبعة أيامٍ وهي مرضعٌ، ولم تقض؛ بحجّة مرضٍ عندها، فماذا عليها وقد أوشك دخول رمضان الثالث؟ أفيدونا أثابكم الله.

الجواب

উত্তৰঃ

উক্ত মহিলাৰ বক্তব্য অনুযায়ী যদি তাই সঁচাই অসুস্থ আৰু ক্বাজা আদায় কৰিবলৈ সক্ষম নহয়, তেনেহ’লে যেতিয়াই সক্ষম হ’ব তেতিয়াই ক্বাজা আদায় কৰিব। এই ক্ষেত্রত পৰৱৰ্তী ৰমজান আহিলেও কোনো সমস্যা নাই। কিয়নো তাইৰ উপযুক্ত ওজৰ আছে।

কিন্তু যদি তাইৰ কোনো ওজৰ নাথাকে; বৰং অহেতুক অজুহাত দেখুৱাই অথবা অৱহেলা কৰি পলম কৰে, তেনেহ’লে তাইৰ বাবে এটা ৰমজানৰ ক্বাজা ৰোজা আন এটা ৰমজান পর্যন্ত পলম কৰা বৈধ নহয়।

আইশ্বা (ৰাদ্বিয়াল্লাহু আনহাই) কৈছেঃ “মোৰ ওপৰত যিবোৰ ক্বাজা ৰোজা থাকিছিল, সেইবোৰ মই শ্বাবান মাহৰ বাহিৰে বেলেগ মাহত ক্বাজা পালন কৰিবলৈ সময় পোৱা নাছিলোঁ।”

এতেকে, সেই মহিলাজনীয়ে নিজৰ প্রতি দৃষ্টিপাত কৰা উচিত; যদি তাইৰ কোনো ওজৰ নোহোৱাকৈয়ে পলম কৰিছিল, তেনেহ’লে তাই গোনাহগাৰ হ’ব আৰু তাই আল্লাহৰ ওচৰত তাওবা কৰিব লাগিব। লগতে তাইৰ ওপৰত থকা ৰোজাবোৰ যিমান সোনকালে পাৰে ক্বাজা আদায় কৰা উচিত। আনহাতে যদি তাই সঁচাই কোনো অসুবিধাত থাকে, তেনেহ’লে এক বা দুই বছৰ পিছুৱাই গ’লেও কোনো গোনাহ নহ’ব।

ﺟ19: إذا كانت هذه المرأة كما ذكرت عن نفسها -أنها في مرضٍ، ولا تستطيع القضاء- فإنها متى استطاعت صامته؛ لأنها معذورةٌ، حتى ولو جاء رمضان الثاني.

أما إذا كان لا عذر لها، وإنما تتعلل وتتهاون، فإنه لا يجوز لها أن تؤخّر قضاء رمضان إلى رمضان الثاني، قالت عائشة رضي الله عنها:

«كَانَ يَكُونُ عَلَيَّ الصَّوْمُ، فَمَا أَسْتَطِيعُ أَنْ أَقْضِيَهُ إِلَّا فِي شَعْبَانَ» [1].

[4] البخاري، كتاب الصوم، باب متى يقضي قضاء رمضان (1950)، ومسلم، كتاب الصيام، باب في جواز تأخير قضاء رمضان (151) (1147).

وعلى هذا، فعلى هذه المرأة أن تنظر في نفسها، إذا كان لا عذر لها فهي آثمةٌ، وعليها أن تتوب إلى الله، وأن تبادر بقضاء ما في ذمتها من الصّيام، وإن كانت معذورةً فلا حرج عليها، ولو تأخرت سنةً أو سنتين.