যদি দিনৰ এটা বজাত কোনো মহিলাৰ ঋতুস্ৰাৱ আৰম্ভ হয় [অৰ্থাৎ নামাজৰ সময় হোৱাৰ পিছত তাইৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে] কিন্তু তেতিয়াও তাই জোহৰৰ নামাজ আদায় কৰা নাছিল। এতেকে প্ৰশ্ন হ’ল যে, তাইৰ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত সেই নামাজ ক্বাজা আদায় কৰিব লাগিব নেকি?
السؤال
প্ৰশ্ন নং ১-

س21: إذا حاضت المرأة الساعة الواحدة ظهرًا مثلًا، وهي لم تصلّ بعد صلاة الظّهر، فهل يلزمها قضاء تلك الصلاة بعد الطّهر؟
الجواب
উত্তৰঃ
এই বিষয়টোত আলিমসকলৰ মাজত মতানৈক্য আছে। তেওঁলোকৰ মাজৰ কিছুমানে কৈছেঃ তাইৰ সেই নামাজ ক্বাজা পালন কৰিব নালাগে। কিয়নো তাই অৱহেলা কৰি এৰি দিয়া নাই। লগতে তাইৰ গোনাহো নহ’ব, কাৰণ নামাজৰ অন্তিম সময়লৈকে নামাজক পলম কৰা বৈধ।
আকৌ আন কিছুমানে কৈছেঃ তাই সেই নামাজৰ ক্বাজা পালন কৰিব লাগিব। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ
“যি ব্যক্তিয়ে এক ৰাকআত নামাজ পাইছে, তেওঁ দৰাচলতে (সম্পূৰ্ণ) নামাজ পাইছে।”
এতেকে সাৱধানতাহেতু তাইৰ ক্বাজা পালন কৰাটোৱে উত্তম। এক ওৱাক্ত নামাজ আদায় কৰাটো কোনো কষ্টৰ বিষয় নহয়।
ﺟ21: في هذا خلافٌ بين العلماء، فمنهم من قال: إنه لا يلزمها أن تقضي هذه الصلاة؛ لأنها لم تفرط، ولم تأثم؛ حيث إنه يجوز لها أن تؤخّر الصلاة إلى آخر وقتها.
ومنهم من قال: إنه يلزمها القضاء، أي: قضاء تلك الصلاة؛ لعموم قوله ﷺ:
«مَنْ أَدْرَكَ رَكْعَةً مِنَ الصَّلَاةِ فَقَدْ أَدْرَكَ الصَّلَاةَ» [1].
[5] تقدم تخريجه.
والاحتياط لها: أن تقضيها؛ لأنها صلاةٌ واحدةٌ، لا مشقة في قضائها.