Skip to content

লজ্জা হৈছে ঈমানৰ অংগ

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

কোনো এজন ব্যক্তিয়ে তাৰ ভায়েকক লজ্জা সম্পৰ্কে উপদেশ দি আছিল, (অৰ্থাৎ তাক বেছি লাজ কৰিবলৈ নিষেধ কৰি আছিল) এই কথা শুনা পাই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “লজ্জা হৈছে ঈমানৰ অংগ।”

سَمِعَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رَجُلًا يَعِظُ أَخَاهُ فِي الْحَيَاءِ، فَقَالَ: «الْحَيَاءُ مِنَ الْإِيمَانِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

কোনো এজন ব্যক্তিয়ে তাৰ ভাতৃক অধিক লজ্জা পৰিহাৰ কৰিবলৈ উপদেশ দি আছিল। এই কথা শুনা পাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লে, লজ্জা হৈছে ঈমান অংগ। লজ্জাই মানুহৰ কাৰণে কল্যাণ কঢ়িয়াই আনে। লজ্জাশীলতা হৈছে এটা উত্তম চৰিত্ৰ, যিয়ে ভাল কাম কৰিবলৈ আৰু বেয়া কাম পৰিহাৰ কৰিবলৈ উৎসাহিত কৰে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

যি লজ্জাই মানুহক ভাল কাম কৰিবলৈ বাধা দিয়ে, সেইটো দৰাচলতে হায়া নহয়; বৰং সেইটো হৈছে লাজুকতা, অসহায়ত্ব, ভীৰুতা আৰু কাপুৰুষতা।

হায়া বা লজ্জা হৈছে মহান আল্লাহৰ পৰা লাভ কৰা এটা বিশেষ গুণ, যিটো তেওঁৰ আদেশ পালনৰ মাধ্যমত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত অৰ্জন হয়।

সৃষ্টিৰ প্ৰতি হায়া কৰাৰ অৰ্থ হৈছে তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকৰ মৰ্যাদা অনুযায়ী তেওঁলোকক মূল্যায়ন কৰা, লগতে সচৰাচৰ যিটো কৰ্ম বেয়া বুলি পৰিচিত সেইটোক বৰ্জন কৰা।

সম্পাদক

ছহীহ বুখাৰী (1/ 14) (24).

ছহীহ মুছলিম (1/ 63) (36).

অধিক (8)

توضيح الأحكام من بلوغ المرام.

للبسام (7/ 489).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 330).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 427).

سبل السلام بشرح بلوغ المرام.

للصنعاني (2/ 689).