তোমালোকে সেইসকল লোকৰ আৱাসস্থলত প্ৰৱেশ নকৰিবা, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে। কিন্তু যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দোনৰত অৱস্থাত প্ৰৱেশ কৰিবা।
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে 'হিজৰ' নামক স্থান অতিক্ৰম কৰি আছিলোঁ, তেনেতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক ক'লেঃ
"তোমালোকে সেইসকল লোকৰ আৱাসস্থলত প্ৰৱেশ নকৰিবা, যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে। কিন্তু যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দোনৰত অৱস্থাত প্ৰৱেশ কৰিবা। এই সতৰ্কতা অৱলম্বন কৰি যে, সিহঁতৰ প্ৰতি যি বিপদ আহিছিল, সেইটো যাতে তোমালোকৰ ওপৰতো নাহে।" ইয়াৰ পিছত তেখেতে নিজৰ বাহনক ধমক প্ৰদান কৰি দ্ৰুতগতিত খেদি সেই অঞ্চল অতিক্ৰম কৰিলে।
«لَا تَدْخُلُوا مَسَاكِنَ الَّذِينَ ظَلَمُوا أَنْفُسَهُمْ، إِلَّا أَنْ تَكُونُوا بَاكِينَ؛ حَذَرًا أَنْ يُصِيبَكُمْ مِثْلُ مَا أَصَابَهُمْ» ثُمَّ زَجَرَ فَأَسْرَعَ حَتَّى خَلَّفَهَا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছামূদ সম্প্ৰদায়ৰ আৱাসস্থল অতিক্ৰম কৰাৰ সময়ত নিষেধ কৰিছিল যে, যিসকল লোকে নিজৰ ওপৰত অন্যায় কৰাৰ ফলত আল্লাহৰ শাস্তিৰ সন্মুখীন হৈছে, সিহঁতৰ ঘৰত প্ৰৱেশ নকৰিবা অথবা তাত নাযাবা। যদি প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে কান্দি কান্দি শিক্ষা লোৱাৰ উদ্দেশ্যে প্ৰৱেশ কৰিবা। লগতে ভয় কৰিবা যে, সিহঁতৰ ওপৰত যি বিপদ আহিছিল সেই বিপদ যাতে তোমালোকৰ প্ৰতিও নাহে। এই কথা কোৱাৰ পিছত তেখেতে নিজৰ বাহনটোক ধমক প্ৰদান কৰি খেদিলে আৰু সেই অঞ্চলটো দ্ৰুতগতিত অতিক্ৰম কৰিলে।
আল্লাহে যিসকল লোকক ধ্বংস কৰিছে, সিহঁতৰ বিষয়ে চিন্তা চৰ্চা কৰা উচিত। সিহঁতে যিবোৰ ভুল কৰিছিল সেইবোৰৰ পৰা সতৰ্ক থকা উচিত। লগতে নিদৰ্শনসমূহৰ প্ৰতি চিন্তা গৱেষণা কৰাৰ ক্ষেত্ৰত অমনোযোগী হোৱাৰ পৰা সতৰ্ক থাকিব লাগে।
এই শাস্তিপ্ৰাপ্ত হৈ ধ্বংস হোৱা লোকসকলৰ আৱাসস্থলত বসবাস কৰা নিষেধ আৰু তাত অৱস্থান কৰাও নিষেধ। কাৰণ বসবাস কৰা লোকসকলে সদায় কান্দি থকাটো সম্ভৱ নহয়। অথচ তেখেতে এই বৈশিষ্ট্য অবিহনে তাত প্ৰৱেশ কৰিবলৈও নিষেধ কৰিছে।
ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত শাস্তিৰ স্থান আৰু জালিমসকলৰ স্থান অতিক্ৰম কৰাৰ ক্ষেত্ৰত আল্লাহক স্মৰণ কৰাৰ তাগিদ কৰা হৈছে। এইদৰে ওৱাদিয়ে মুহাচ্ছিৰ (মুহাচ্ছিৰ উপত্যকা) পাৰ হওঁতে খৰখেদা কৰিবলৈ কোৱা হৈছে, কাৰণ সেই ঠাইত হাতী বাহিনীক ধ্বংস কৰা হৈছিল। সেয়ে পথিকে এইবোৰ স্থান অতিক্ৰম কৰাৰ সময়ত আল্লাহক স্মৰণ কৰা উচিত আৰু তেওঁক ভয় কৰা উচিত, লগতে কান্দি কান্দি পাৰ হোৱা উচিত। সিহঁতৰ ধ্বংসস্তূপৰ শিক্ষা ল'ব লাগে। লগতে আল্লাহৰ ওচৰত এনেকুৱা কৰ্ম আৰু শাস্তিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিব লাগে।
ছামূদ সম্প্ৰদায়ৰ বাসস্থানকে আদি কৰি, যি যি উম্মতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হৈছে, সেই সকলো স্থান ইয়াৰ অন্তৰ্ভুক্ত, আৰু তাত অৱস্থান কৰিবলৈ নিষেধ কৰা হৈছে তথা সতৰ্ক কৰা হৈছে।
এইবোৰ স্থানক ভ্ৰমণৰ স্থানত তথা পৰ্যটক স্থানত পৰিণত কৰিবলৈও নিষেধ কৰা হৈছে।
ছহীহ বুখাৰী (4/ 149) (3380).
ছহীহ মুছলিম (4/ 2286) (2980).
অধিক (3)
النهاية في غريب الحديث والأثر (187) (395).
إرشاد الساري لشرح صحيح البخاري (6/ 458) (5/ 368).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (45/ 169).