عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
842 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
Filter results
842 cards
Grading
Narrated in
Show remaining sources
Narrator
Show all narrators (235)
"তোমালোকে যদি যথাযথভাৱে আল্লাহ তা'আলাৰ ওপৰত তাৱাক্কুল কৰা তেন্তে তেওঁ তোমালোকক তেনেকৈয়ে জীৱিকা দান কৰিব, যিদৰে চৰাই-চিৰিকটিক জীৱিকা দিয়ে। চৰাই-চিৰিকটিয়ে পুৱাৰ ভাগত খালী পেটত ওলাই যায় আৰু গধূলি উদৰ ভৰাই উভতি আহে।"
Sahih al-Tirmidhi, al-Nasa'i, Ibn Majah, Ahmad, Ibn Hibban, al-Hakim
"উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
Sahih Muslim, Ahmad, al-Darimi
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক (গভৰ্ণৰ হিচাপে) য়ামানলৈ প্ৰেৰণ কৰিছিল। তেওঁ য়ামানত প্ৰস্তুত হোৱা কেইটামান নিচা জাতীয় পানীয় সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে। তেখেতে ক'লেঃ সেইবোৰ কি? তেওঁ ক'লেঃ "সেয়া হৈছে (الْبِتْعُ وَالْمِزْرُ) আল-বিত্উ, অল-মিঝ্ৰ।" বৰ্ণনাকাৰীয়ে আবু বুৰদাক সুধিছিলঃ বিত্উ কাক বোলে? তেওঁ কৈছিলঃ মৌয়েৰে প্ৰস্তুত কৰা এবিধ পানীয়, আৰু মিঝ্ৰ হৈছে, যৱেৰে প্ৰস্তুত কৰা এবিধ পানীয়। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ উত্তৰত কৈছিলঃ "প্ৰত্যেক নিচা জাতীয় দ্ৰৱ্যই হৈছে হাৰাম।" (বুখাৰী)
Sahih al-Bukhari, Muslim
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
Sahih al-Tirmidhi, Ibn Majah, Ahmad, Ibn Hibban
"চাৰিটা স্বভাৱ যাৰ মাজত থাকিব, সি হৈছে প্ৰকৃত মুনাফিক। আনহাতে যাৰ মাজত ইয়াৰ কোনো এটা স্বভাৱ থাকিব, সি এইটো পৰিত্যাগ নকৰালৈকে তাৰ মাজত মুনাফিকৰ এটা স্বভাৱ থাকি যাব। সেয়া হৈছেঃ কথা ক'লে, মিছা কথা কয়, প্ৰতিশ্ৰুতি দিলে ভংগ কৰে, বিবাদত লিপ্ত হ'লে অশ্লীল গালি শপনি পাৰে, চুক্তি কৰিলে বিশ্বাসঘাতকতা কৰে।"
Sahih al-Bukhari, Muslim
"শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
Sahih al-Bukhari, Muslim
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
Hasan Abu Dawud, al-Tirmidhi, al-Nasa'i
"যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব। এইদৰে যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। বান্দাই যেতিয়ালৈকে নিজৰ ভাতৃক সহায় কৰি থাকে, আল্লাহে তেতিয়ালৈকে তাক সহায় কৰি থাকে। যি ব্যক্তিয়ে জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হয়, আৰু কোৰআন তিলাৱত কৰে, সকলোৱে মিলিত হৈ ইয়াৰ শিক্ষা লয় আৰু শিক্ষা দিয়ে, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হয়, ৰহমতে তেওঁলোকক ঢাকি লয়, ফিৰিস্তাসকলে তেওঁলোকক আগুৰি থাকে আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰে, যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তিয়ে তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।"
Sahih Muslim