Skip to content

"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।

আবু আব্দুৰ ৰহমান আব্দুল্লাহ ইবনে ওমৰ ইবনুল-খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছে- মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ

"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"

«بُنِيَ الإِسْلَامُ عَلَى خَمْسٍ: شَهَادَةِ أَنْ لَا إلَهَ إلَّا اللَّهُ وَأَنَّ مُحَمَّدًا ‌عَبْدُهُ ‌وَرَسُولُهُ، وَإِقَامِ الصَّلَاةِ، وَإِيتَاءِ الزَّكَاةِ، وَحَجِّ الْبَيْتِ، وَصَوْمِ رَمَضَانَ».

বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামক এটা মজবুত স্থাপনাৰ সৈতে তুলনা কৰিছে, যিটো স্থাপনা পাঁচটা স্তম্ভৰ ওপৰত স্থাপিত। ইছলামৰ অন্যান্য বিধি-বিধানবোৰ হৈছে সেই স্থাপনাটোৰ পৰিপূৰক। সেই স্তম্ভসমূহৰ প্ৰথম স্তম্ভটো হৈছে, এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ ৰাছুল। এই দুটা মিলি এটাই ৰূকুন। এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। এই সাক্ষ্য দিয়াৰ সময়ত বান্দাই আল্লাহৰ একত্বক স্বীকাৰ কৰিব লাগিব আৰু এই কথা বিশ্বাস কৰিব লাগিব যে, একমাত্ৰ তেৱেঁই হৈছে ইবাদতৰ যোগ্য, লগতে সেইমতে আমলো কৰিব লাগিব। ইয়াৰ লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিব লাগিব আৰু তেওঁৰ অনুসৰণ কৰিব লাগিব। দ্বিতীয় স্তম্ভ হৈছে নামাজ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। তৃতীয় স্তম্ভ হৈছে, ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থ স্তম্ভ হৈছে হজ্জ। অৰ্থাৎ আল্লাহৰ ইবাদত কৰাৰ উদ্দেশ্যে মক্কালৈ গৈ হজ্জৰ যাৱতীয় নিয়ম-নীতি পালন কৰা। পঞ্চম স্তম্ভ হৈছে ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

প্ৰথম স্তম্ভত দুটা বিষয়ত সাক্ষ্য প্ৰদান কৰিব লাগে, তাৰে যিকোনো এটাক বাদ দিলে আনটো শুদ্ধ নহ'ব। সেয়ে দুটা মিলি হৈছে এটা স্তম্ভ।

এই দুটা শ্বাহাদাত হৈছে দ্বীনৰ মৌলিক ভিত্তি। এই দুটা সাক্ষ্য নিদিয়াকৈ কোনো আমলেই গ্ৰহণযোগ্য নহয়।

সম্পাদক

ছহীহ বুখাৰী (1/ 11) (8).

ছহীহ মুছলিম (1/ 45) (16).

অধিক (8)

و(1/ 88) (82).

فتح الباري لابن رجب (1/ 22).

جامع العلوم والحكم (1/147).

شرح الأربعين لابن العطّار (ص 62).

شرح الأربعين النووية لعبد الكريم الخضير (ص 87).

فتح القوي المتين في شرح الأربعين للعباد (ص 29).

شرح الأربعين النووية لصالح آل الشيخ (ص 91 - 95).

التحفة الربانية لإسماعيل الأنصاري (ص 12).