গৰ্ভধাৰণৰ প্রাথমিক অৱস্থাত থকা এজনী মহিলা দুৰ্ঘটনাত আঘাতপ্রাপ্ত হৈছে। ইয়াৰ পিছত প্রচণ্ড ৰক্তক্ষৰণৰ ফলত তাইৰ গৰ্ভপাত হৈছে। তেনে অৱস্থাত সেই মহিলাৰ বাবে ৰোজা এৰি দিয়া বৈধনে, নে ৰোজা অব্যাহত ৰাখিব লাগিব? আৰু যদি ৰোজা ভংগ কৰে তেন্তে গোনাহ হ’ব নেকি?
السؤال
প্ৰশ্ন নং ১-
গৰ্ভধাৰণৰ প্রাথমিক অৱস্থাত থকা এজনী মহিলা দুৰ্ঘটনাত আঘাতপ্রাপ্ত হৈছে। ইয়াৰ পিছত প্রচণ্ড ৰক্তক্ষৰণৰ ফলত তাইৰ গৰ্ভপাত হৈছে। তেনে অৱস্থাত সেই মহিলাৰ বাবে ৰোজা এৰি দিয়া বৈধনে, নে ৰোজা অব্যাহত ৰাখিব লাগিব? আৰু যদি ৰোজা ভংগ কৰে তেন্তে গোনাহ হ’ব নেকি?
س28: امرأةٌ أصيبت في حادثةٍ، وكانت في بداية الحمل، فأسقطت الجنين إثر نزيفٍ حادٍّ، فهل يجوز لها أن تفطر، أو تواصل الصّيام؟ وإذا أفطرت فهل عليها إثمٌ؟
الجواب
উত্তৰঃ
আমি এইটো কওঁ যে, সাধাৰণতে গৰ্ভৱতীৰ ঋতুস্ৰাৱ নহয়, যেনে- ইমাম আহমাদ (ৰাহিমাহুল্লাহে) কৈছেঃ “মহিলাসকলে ঋতুস্ৰাৱ বন্ধ হোৱাৰ মাধ্যমত গর্ভাৱস্থা সম্পৰ্কে গম পায়।” আলিম সমাজৰ মতে আল্লাহে এই ঋতুস্ৰাৱক অন্তর্নিহিত এক তাৎপর্যক আগত ৰাখি সৃষ্টি কৰিছে। গৰ্ভজাত সন্তানৰ খাদ্য হিচাপে এই হায়েজ ব্যৱহাৰ হয়। সেইকাৰণেই গৰ্ভধাৰণৰ লগে লগে ঋতুস্ৰাৱ বন্ধ হৈ যায়।
কিন্তু কিছুমান মহিলাৰ গৰ্ভধাৰণৰ পিছতো আগৰ দৰেই ঋতুস্ৰাৱ হয়। এই ঋতুস্ৰাৱো প্রকৃত ঋতুস্ৰাৱ হিচাপেই গণ্য হ’ব। কিয়নো গর্ভাৱস্থাৰ কাৰণে তাইৰ ঋতুস্ৰাৱৰ ওপৰত কোনো প্রভাৱ পৰা নাই। গতিকে সাধাৰণ মহিলাই ঋতুস্ৰাৱ হ’লে যিবোৰ ইবাদতৰ পৰা বিৰত থাকে, গৰ্ভৱতীও ঋতুস্ৰাৱ অৱস্থাত সেইবোৰৰ পৰা বিৰত থাকিব, সাধাৰণ ঋতুস্ৰাৱৰ ফলত যিবোৰ আৱশ্যক হয়, ইয়াৰ ফলতো সেইবোৰ আৱশ্যক হ’ব।
মুঠতে গৰ্ভৱতী নাৰীৰ তেজ দুই ধৰণৰঃ
এক প্ৰকাৰ তেজ ঋতুস্ৰাৱ হিচাপে গণ্য হ’ব। সেয়া হৈছে, গৰ্ভধাৰণৰ আগত যিদৰে হায়েজ হৈছিল সেইদৰে যদি গৰ্ভধাৰণৰ পিছতো হয়। অৰ্থাৎ গৰ্ভধাৰণে এই ঋতুস্ৰাৱৰ ওপৰত কোনো প্রভাৱ পেলোৱা নাই। সেয়ে এইটো ঋতুস্ৰাৱ হিচাপে গণ্য হ’ব।
দ্বিতীয় প্ৰকাৰ তেজ হৈছে, গৰ্ভৱতী অৱস্থাত হঠাৎ ৰক্তক্ষৰণ হোৱা- দুর্ঘটনাজনিত কাৰণতে হওক বা কোনো বস্তু বহন কৰাৰ ফলত নাইবা ওপৰৰ পৰা পৰি যোৱাৰ ফলতেই হওক বা আন কোনো কাৰণত। এই ধৰণৰ তেজক ঋতুস্ৰাৱ হিচাপে গণ্য কৰা নহয়; বৰং এয়া হৈছে শিৰাৰ পৰা ওলাই অহা সাধাৰণ তেজ।
গতিকে এনেকুৱা তেজৰ ফলত নামাজ-ৰোজাৰ পৰা বিৰত থকা উচিত নহয়; বৰং তাই পৱিত্ৰ হিচাপে বিবেচিত হ’ব।
কিন্তু দুর্ঘটনাৰ ফলত যদি গৰ্ভপাত হয়, তেনেহ’লে আলিমসকলৰ বক্তব্য অনুযায়ী ইয়াৰ দুটা অৱস্থা হ’ব পাৰেঃ এক. গৰ্ভজাত সন্তান যদি আকৃতি ধাৰণৰ পিছত গৰ্ভপাত হয়, তেনেহ’লে সেই তেজক নিফাছ হিচাপে গণ্য কৰা হ’ব। ইয়াৰ ফলত তাই নামাজ-ৰোজাৰ পৰা বিৰত থাকিব আৰু পৱিত্ৰতা অৰ্জন নকৰালৈকে স্বামীৰ সৈতে সহবাস কৰিব নোৱাৰিব।
দুই. গৰ্ভজাত সন্তান যদি আকৃতি ধাৰণৰ আগতে গৰ্ভপাত হয়, তেনেহ’লে সেই তেজক নিফাছ হিচাপে গণ্য কৰা নহ’ব; বৰং সেইটো অহেতুক তেজ হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ ফলত নামাজ-ৰোজা ইত্যাদি ইবাদতৰ পৰাও বিৰত থকাৰ প্ৰয়োজন নাই।
বিশেষজ্ঞ আলিমসকলে কৈছেঃ গৰ্ভস্থ সন্তানৰ আকৃতি ধাৰণৰ সৰ্বনিম্ন সময় হৈছে ৮১ দিন।
এই প্রসঙ্গত আব্দুল্লাহ বিন মাছঊদ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে, ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লাম) যিজন সত্যবাদী তথা যাক সত্যায়ন কৰা হৈছে তেখেতে আমাক কৈছেঃ “মাতৃগৰ্ভত তোমালোকৰ সৃষ্টি চল্লিশ দিনলৈকে শুক্ৰৰূপে জমা হোৱাৰ মাধ্যমত আৰম্ভ হয়, পৰৱৰ্তী চল্লিশ দিন সেই জমাটবন্ধ ৰক্তপিণ্ডৰূপে থাকে, তাৰ পিছৰ চল্লিশ দিন সেইটো মাংসপিণ্ডত পৰিণত হয়। ইয়াৰ পিছত চাৰিটা বিষয়ৰ নিৰ্দেশনা প্ৰদান কৰি তাৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰা হয়। এতেকে সেই ফিৰিস্তাই তাৰ জীৱিকা, তাৰ আয়ুস, তাৰ আমল (কৰ্ম) আৰু সি দুৰ্ভগীয়া হ'ব নে সৌভাগ্যৱান হ’ব সেয়া লিখি দিয়ে।”
এই হাদীছৰ আলোকত ৮১ দিনৰ আগত আকৃতি লাভ কৰাটো সম্ভৱ নহয়। আনকি বিশেষজ্ঞসকলৰ মতে, বেছিভাগ ক্ষেত্রতে ৯০ দিনৰ আগত আকৃতি প্রকাশিত নহয়।
ﺟ28: نقول: إن الحامل لا تحيض، كما قال الإمام أحمد:
"إنما تعرف النّساء الحمل بانقطاع الحيض".
والحيض -كما قال أهل العلم- خلقه الله تبارك وتعالى لحكمة غذاء الجنين في بطن أمّه، فإذا نشأ الحمل انقطع الحيض.
لكن بعض النّساء قد يستمرّ بها الحيض على عادته كما كان قبل الحمل، فهذه يحكم بأن حيضها حيضٌ صحيحٌ؛ لأنه استمر بها الحيض، ولم يتأثر بالحمل، فيكون هذا الحيض مانعًا لكلّ ما يمنعه حيض غير الحامل، وموجبًا لـما يوجبه، ومسقطًا لـما يسقطه.
والحاصل: أن الدم الّذي يخرج من الحامل على نوعين:
نوعٌ يحكم بأنه حيضٌ، وهو الّذي استمر بها كما كان قبل الحمل، فمعنى ذلك: أن الحمل لم يؤثّر عليه، فيكون حيضًا.
والنوع الثاني: دمٌ طرأ على الحمل طروءًا، إما بسببٍ حادثٍ، أو حمل شيءٍ، أو سقوطٍ من شيءٍ ونحوه، فهذه دمها ليس بحيضٍ، وإنما هو دم عرقٍ،
وعلى هذا فلا يمنعها من الصلاة، ولا من الصوم، بل هي في حكم الطاهرات.
ولكن إذا لزم من الحادث أن ينزل الولد أو الحمل الذي في بطنها فإنها على ما قال أهل العلم: إن خرج وقد تبين فيه خلق إنسانٍ فإن دمها بعد خروجه يعدّ نفاسًا، تترك فيه الصلاة والصوم، ويتجنبها زوجها حتى تطهر.
وإن خرج الجنين وهو غير مخلّقٍ فإنه لا يعتبر دم نفاسٍ، بل هو دم فسادٍ، لا يمنعها من الصلاة، ولا من الصّيام، ولا من غيرهما.
قال أهل العلم: وأقلّ زمنٍ يتبين فيه التخليق: واحدٌ وثمانون يومًا؛ لأن الجنين في بطن أمّه، كما قال عبد الله بن مسعودٍ رضي الله عنه: حدثنا رسول الله ﷺ وهو الصادق المصدوق، فقال:
«إِنَّ أَحَدَكُمْ يُجْمَعُ فِي بَطْنِ أُمِّهِ أَرْبَعِينَ يَوْمًا، ثُمَّ يَكُونُ عَلَقَةً مِثْلَ ذَلِكَ، ثُمَّ يَكُونُ مُضْغَةً مِثْلَ ذَلِكَ، ثُمَّ يُبْعَثُ إِلَيْهِ الْمَلَكُ، وَيُؤْمَرُ بِأَرْبَعِ كَلِمَاتٍ، فَيُكْتَبُ رِزْقُهُ، وَأَجَلُهُ، وَعَمَلُهُ، وَشَقِيٌّ أَوْ سَعِيدٌ» [1]،
ولا يمكن أن يخلق قبل ذلك، والغالب أن التخليق لا يتبين قبل تسعين يومًا، كما قال بعض أهل العلم.
[10] رواه البخاري، كتاب أحاديث الأنبياء، باب خلق آدم وذريته (3333)، ومسلم، كتاب القدر، باب كيفية خلق الآدمي في بطن أمه (1) (2643).