এজনী মহিলাই প্ৰশ্ন কৰি কৈছে যে, তাইৰ ওপৰত যেতিয়াৰ পৰা ৰমজানৰ ৰোজা ফৰজ হৈছে তেতিয়াৰ পৰাই তাই ৰোজা ৰাখে, কিন্তু মাহেকীয়া ঋতুস্ৰাৱৰ কাৰণে এৰি দিয়া ৰোজাবোৰ তাই ক্বাজা পালন কৰা নাই। ইয়াৰ অন্যতম এটা কাৰণ হৈছে, তাই সেই দিনবোৰৰ হিচাপ ৰখা নাছিল। এই ক্ষেত্ৰত তাইৰ কৰণীয় কি, সেই বিষয়ে জানিব বিচাৰিছে?
- الموضوعات
- الصياممفسدات الصومالصياموقت القضاء وحكم تأخيرهالطهارةأحكام الحيض والنفاسالصلاةمبطلات الصلاة
السؤال
প্ৰশ্ন নং ১-
এজনী মহিলাই প্ৰশ্ন কৰি কৈছে যে, তাইৰ ওপৰত যেতিয়াৰ পৰা ৰমজানৰ ৰোজা ফৰজ হৈছে তেতিয়াৰ পৰাই তাই ৰোজা ৰাখে, কিন্তু মাহেকীয়া ঋতুস্ৰাৱৰ কাৰণে এৰি দিয়া ৰোজাবোৰ তাই ক্বাজা পালন কৰা নাই। ইয়াৰ অন্যতম এটা কাৰণ হৈছে, তাই সেই দিনবোৰৰ হিচাপ ৰখা নাছিল। এই ক্ষেত্ৰত তাইৰ কৰণীয় কি, সেই বিষয়ে জানিব বিচাৰিছে?
س30: سائلةٌ تقول: إنها منذ وجب عليها الصّيام وهي تصوم رمضان، ولكنها لا تقضي صيام الأيام التي تفطرها بسبب الدورة الشهرية، ولجهلها بعدد الأيام التي أفطرتها، فهي تطلب إرشادها إلى ما يجب عليها فعله الآن.
الجواب
উত্তৰঃ
মুমিনা নাৰীসকলৰ এনেকুৱা ঘটনাই আমাক কষ্ট দিয়ে। কিয়নো ফৰজ ৰোজাৰ ক্বাজা পৰিত্যাগ কৰাটো- নজনাৰ কাৰণে হওক বা অৱহেলাৰ কাৰণে দুয়োটাই হৈছে মছীবত। কাৰণ অজ্ঞতা বা মূৰ্খতাৰ প্ৰতিষেধক হৈছে জ্ঞান অৰ্জন কৰা তথা প্ৰশ্ন কৰা।
আনহাতে অৱহেলাৰ প্ৰতিষেধক হৈছে তাক্বৱা বা আল্লাহভীতি, আল্লাহে দেখি আছে এই কথা সদায় মনত ৰখা, তেওঁৰ শাস্তিক ভয় কৰা আৰু তেওঁৰ সন্তুষ্টিমূলক কামত দ্রুত অগ্রসৰ হোৱা।
এতেকে, উক্ত মহিলাজনীয়ে তাইৰ এই কৃতকর্মৰ বাবে আল্লাহৰ ওচৰত তাওবা আৰু ক্ষমা প্রাৰ্থনা কৰিব লাগিব। ইয়াৰ পিছত পৰিত্যাগকৃত ৰোজাবোৰৰ এটা অনুমান কৰি সেই মতে ক্বাজা পালন কৰিব লাগিব। এইদৰে তাই দায়মুক্ত হ’বলৈ যত্ন কৰিব। আল্লাহে তাইৰ তাওবা কবুল কৰক- আমি এইটোৱে কামনা কৰোঁ।
ﺟ30: يؤسفنا أن يقع مثل هذا بين نساء المؤمنين، فإن هذا الترك -أعني: ترك قضاء ما يجب عليها من الصّيام- إما أن يكون جهلًا، وإما أن يكون تهاونًا، وكلاهما مصيبةٌ؛ لأن الجهل دواؤه العلم والسّؤال،
وأما التهاون فإن دواءه تقوى الله عز وجل، ومراقبته، والخوف من عقابه، والمبادرة إلى ما فيه رضاه.
فعلى هذه المرأة أن تتوب إلى الله مما صنعت، وأن تستغفر، وأن تتحرى الأيام التي تركتها بقدر استطاعتها فتقضيها، وبهذا تبرأ ذمتها، ونرجو أن يقبل الله توبتها.