পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।
«الدُّنْيَا مَتَاعٌ، وَخَيْرُ مَتَاعِ الدُّنْيَا الْمَرْأَةُ الصَّالِحَةُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৃথিৱীত থকা প্ৰতিটো বস্তুৱে হৈছে উপভোগ কৰিব পৰা সামগ্ৰী, আৰু এই সকলোবোৰ হৈছে ক্ষন্তেকীয়া উপভোগ্য সামগ্ৰী। ইয়াৰ মাজত সৰ্বোত্তম উপকৃত হ'ব পৰা সামগ্ৰীটো হৈছে পূণ্যৱতী স্ত্ৰী, যি স্ত্ৰীৰ প্ৰতি স্বামীয়ে দৃষ্টিপাত কৰিলে আনন্দিত হয় আৰু যদি স্বামীয়ে কোনো আদেশ দিয়ে লগে লগে পালন কৰে, লগতে স্বামীৰ অনুপস্থিতিত নিজকে আৰু স্বামীৰ সম্পদক সুৰক্ষিত ৰাখে।
...:
আল্লাহে বান্দাৰ বাবে হালাল কৰা পৃথিৱীৰ প্ৰতিটো পৱিত্ৰ বস্তুকে অপচয় আৰু অহংকাৰ নকৰাকৈ উপভোগ কৰা বৈধ।
পূণ্যৱতী স্ত্রী গ্রহণ কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে। কিয়নো তেনেকুৱা স্ত্ৰীয়ে স্বামীক আল্লাহৰ ইবাদত কৰাত সহযোগিতা কৰে।
পৃথিৱীত উপভোগ কৰিবলগীয়া উত্তম সম্পদ হৈছে যিটোৰ দ্বাৰা আল্লাহৰ আনুগত্য কৰা হয় অথবা যিটোৱে আল্লাহৰ আনুগত্যত সহায় কৰে।
ছহীহ মুছলিম (2/ 1090) (1467).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 365).
كشف المشكل من حديث الصحيحين.
لابن الجوزي (4/ 129).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخن وغيره (1/ 286).