লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।
আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মুখস্থ কৰিব পাৰোঁ। কুৰাইশ্বে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনা তাকেই কিয় লিখি ৰাখা? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে খং আৰু শান্ত উভয় অৱস্থাতে কথা কয়। এইটো শুনি মই লিখা বন্ধ কৰিলোঁ। এদিন মই বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰিলোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে নিজৰ মুখৰ প্ৰতি ইংগিত কৰি ক'লেঃ "লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।"
كنتُ أكتبُ كلَّ شيءٍ أسمعُه من رسولِ الله صلَّى الله عليه وسلم أُريدُ حفْظَه، فنهتْني قريشٌ، وقالوا: أتكْتبُ كلَّ شيءٍ تَسمَعُه من رسول الله صلَّى الله عليه وسلم، ورسولُ الله صلَّى الله عليه وسلم بَشَرٌ يتكلَّمُ في الغضَبِ والرِّضا؟ فأمسَكتُ عن الكتاب، فذكرتُ ذلك لرسول الله صلَّى الله عليه وسلم، فأومأ بإصبَعِه إلى فيه، فقال: «اكتُبْ، فوالذي نفسي بيدِه، ما يَخرُجُ منه إلا حقٌّ».
হাদীছটোত আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মই মুখস্থ কৰিব পাৰোঁ। কিন্তু এই দেখি কুৰাইশ্বৰ কিছুমান লোকে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আালইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে কেতিয়াবা খঙত কথা কয় আৰু কেতিয়াবা শান্ত অৱস্থাত। গতিকে খঙত ভুল কথাও ক'ব পাৰে, সেয়ে মই লিখা বন্ধ কৰিলোঁ। এদিনাখন মই তেওঁলোকে কোৱা কথাখিনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনালোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে তেখেতৰ মুখৰ ফালে ইংগিত কৰি ক'লে যে, লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, এই মুখৰ পৰা সৰ্বাৱস্থাতেই সত্য কথা ওলায়, শান্ত অৱস্থা হওক বা ক্ৰোধ অৱস্থা। পৱিত্ৰ কোৰআনত মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে কৈছেঃ "আৰু তেওঁ মনে সজা কথা নকয়। এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়।" (ছুৰা আন-নজমঃ ৩-৪)
...:
খং আৰু শান্ত উভয় ক্ষেত্ৰতে সৰ্বশক্তিমান আল্লাহৰ বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল নিষ্পাপ।
হাদীছ সংৰক্ষণ আৰু ইয়াক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত চাহাবাসকল খুবেই আগ্ৰহী আছিল।
কোনো কামৰ গুৰুত্ব বুজাবলৈ শপত খোৱা বৈধ।
ইল্ম সংৰক্ষণ কৰাৰ অন্যতম এটা উপায় হৈছে ইল্ম লিপিবদ্ধ কৰি ৰখা।
ছুনান আবি দাঊদ (5/ 489) (3646).
অধিক (1)
شرح سنن أبي داود للعباد (412/ 21).