Skip to content

হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে।

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা মানুহৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিলঃ হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহিলী যুগৰ দম্ভ আৰু অহংকাৰ তথা পূৰ্বপুৰুষৰ প্ৰতি থকা গৌৰৱ আদিৰ কুঃসংস্কাৰ নিঃশেষ কৰিছে। এতেকে মানৱ এতিয়া দুই ভাগত বিভক্তঃ এক শ্ৰেণীৰ মানুহ পূণ্যৱান, পৰহেজগাৰ, তেওঁলোক হৈছে আল্লাহৰ ওচৰত প্ৰিয় তথা সন্মানিত। আনহাতে আনটো শ্ৰেণীৰ মানুহ হৈছে পাপিষ্ঠ, দুৰ্ভগীয়া, সিহঁত আল্লাহৰ ওচৰত অত্যন্ত নিকৃষ্ট তথা ঘৃণীত আৰু তুচ্ছ। সকলো মানুহেই আদম সন্তান। আল্লাহে আদম আলাইহিচ্ছালামক মাটিৰে সৃষ্টি কৰিছিল। যেনে আল্লাহ তাআলাই কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)

أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ خَطَبَ النَّاسَ يَوْمَ فَتْحِ مَكَّةَ، فَقَالَ: «يَا أَيُّهَا النَّاسُ، إِنَّ اللهَ قَدْ أَذْهَبَ عَنْكُمْ عُبِّيَّةَ الْجَاهِلِيَّةِ وَتَعَاظُمَهَا بِآبَائِهَا، فَالنَّاسُ رَجُلَانِ: بَرٌّ تَقِيٌّ كَرِيمٌ عَلَى اللهِ، وَفَاجِرٌ شَقِيٌّ هَيِّنٌ عَلَى اللهِ، وَالنَّاسُ بَنُو آدَمَ، وَخَلَقَ اللهُ آدَمَ مِنْ تُرَابٍ، قَالَ اللهُ: {يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَى وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا إِنَّ أَكْرَمَكُمْ عِنْدَ اللهِ أَتْقَاكُمْ إِنَّ اللهَ عَلِيمٌ خَبِيرٌ} [الحجرات: 13]».

(তিৰমিজী, ইবনে হিব্বান)
ছহীহ
ব্যাখ্যা

হাদীছটোত কোৱা হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মক্কা বিজয়ৰ দিনা লোকসকলক সম্বোধন কৰি কৈছিল যে, হে মানৱজাতি! আল্লাহে তোমালোকৰ পৰা জাহেলী যুগৰ গৌৰৱ অহংকাৰ আৰু পিতৃপুৰুষকলৈ কৰা দম্ভ আদিক আঁতৰাই দিছে। এতিয়া মানুহ কেৱল দুই ভাগত বিভক্তঃ একশ্ৰেণী হৈছে মুমিন, মুত্ত্বাক্বী, পৰহেজগাৰ, আল্লাহৰ আনুগত্যশীল বান্দা। এনেকুৱা ব্যক্তি আল্লাহৰ ওচৰত সন্মানীয়। যদিও মানুহৰ দৃষ্টিত তেওঁ উচ্চস্তৰৰ তথা উচ্চ বংশৰ নহয়। দ্বিতীয়টো হৈছে কাফিৰ, পাপিষ্ঠ তথা দুৰ্ভগীয়া। এনেকুৱা ব্যক্তি আল্লাহৰ দৃষ্টিত অত্যন্ত নিকৃষ্ট, ইয়াৰ কোনো তুলনা নহয়, যদিও সি উচ্চ মৰ্যাদা সম্পন্ন নহওক কিয় আৰু ক্ষমতাশীল নহওক কিয়। সকলো মানুহেই আদম সন্তান, আৰু আদমক আল্লাহে মাটিৰে সৃষ্টি কৰিছে। গতিকে যাৰ মূল হৈছে মাটি, সি অহংকাৰ কৰাটো শোভা নাপায়। সৰ্বশক্তিমান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ, আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। আল্লাহৰ ওচৰত তোমালোকৰ মাজৰ কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল, যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। (ছুৰা হুজুৰাতঃ ১৩)

শব্দাৰ্থ

عُبية: الكبر، وتضم عينها وتُكسر.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মান-মৰ্যাদা আৰু উচ্চ বংশকলৈ অহংকাৰ কৰা নিষেধ।

সম্পাদক

ছুনান তিৰমিজী (5/ 309) (3270).

ছহীহ ইবনে হিব্বান (9/ 137) (3828).

অধিক (2)

عون المعبود وحاشية ابن القيم (14/ 16).

النهاية في غريب الحديث والأثر (ص587).