Skip to content

পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।

উম্মে আতিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিছিল, তেওঁ কৈছেঃ

"পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"

كُنَّا لا نَعُدّ الكُدرَةَ والصُّفْرَةَ بعدَ الطُّهرِ شيئًا.

এইবোৰ শব্দৰ সৈতে আবু দাঊদে বৰ্ণনা কৰিছে, কিন্তু বুখাৰীৰ বৰ্ণনাত (بعد الطهر) শব্দটো নাই।
ছহীহ
ব্যাখ্যা

চাহাবীয়া উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনাহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাৰীসকলে হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত লজ্জাস্থানৰ পৰা ওলোৱা মাটিয়া তথা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নাছিল। এই পানীৰ ফলত তেওঁলোকে নামাজ ৰোজা ত্যাগ কৰা নাছিল।

শব্দাৰ্থ

الْكُدْرَةُ: هو الماء الذي تراه المرأة كالماء الوسخ الكدر.

الصُّفْرَةَ: هو الماء الذي تراه المرأة كالصديد يعلوه اصفرار.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হায়েজৰ পৰা পৱিত্ৰ হোৱাৰ পিছত নাৰীৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজৰ নিচিনা মাটিয়া বা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নহ'ব।

কিন্তু হায়েজ চলাকালীন অৱস্থাত মাটিয়া বা হালধীয়া পানীকো হায়েজ হিচাপে গণ্য কৰা হয়। যদিও সেইসময়ত এইটোৱে হৈছে তেজ, পানীৰ লগত মিহলি থকাৰ কাৰণে তেনেকুৱা দেখায়।

হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত (অৰ্থাৎ হায়েজ শেষ হোৱাৰ পিছত) মাটিয়া বা হালধীয়া বৰণৰ পানী ওলালে ইয়াৰ ফলত নাৰীসকলে নামাজ ৰোজা ত্যাগ নকৰিব বৰং সময়মতে অজু কৰি নামাজ পঢ়িব।

সম্পাদক

ছহীহ বুখাৰী (1/ 72) (326).

ছুনান আবি দাঊদ (1/ 226) (307).

অধিক (4)

توضيح الأحكام.

للبسام (1/ 450).

سُبل السلام.

للصنعاني (1/ 153).