Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 56 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা। এতেকে সেই ব্যক্তিয়ে ৰাতিত যদি টোপনিৰ পৰা সজাগ হৈ আল্লাহক স্মৰণ কৰে (অৰ্থাৎ টোপনিৰ পৰা উঠাৰ দুআ পাঠ কৰে) তেন্তে এটা গাঁঠি খুলি যায়, আৰু যদি অজু কৰে তেন্তে আন এটা গাঁঠি খুলি যায়, আৰু যদি নামাজ পঢ়ে তেন্তে শেষৰ গাঁঠিটোও খুলি যায়। সেয়ে তেওঁ সক্ৰিয় হৈ সবল মনেৰে পুৱাৰ ভাগত উপনীত হয়। অন্যথা এলেহুৱা হৈ নিকৃষ্ট মনেৰে পুৱাৰ ভাগত উপনীত হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই পেটৰ মাজত কিবা অনুভৱ কৰে, ইয়াৰ পিছত তাৰ মনত সন্দেহ হয় যে, কিবা ওলালেই নেকি। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মছজিদ ত্যাগ কৰা উচিত নহয়, যেতিয়ালৈকে সি কোনো শব্দ নুশুনিব অথবা গোন্ধ নাপাব।"
ছহীহ (মুছলিম)
"যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে? তেওঁ ক'লেঃ তুমি হাৰুৰিয়্যা নেকি (অৰ্থাৎ খাৰিজি নেকি)? মই ক'লোঁ, নহয়, মই হাৰুৰিয়্যা নহয়। কিন্তু মই সুধিছোঁহে। তেওঁ ক'লেঃ শুনা! (নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত) আমাৰ যেতিয়া মাহেকীয়া হৈছিল, তেতিয়া আমাক কেৱল ৰোজা কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, নামাজ কাজা পালন কৰাৰ নিৰ্দেশ দিয়া হোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল। মই ক'লোঃ আপোনালোকে কি কৰিছিল? তেওঁ কৈছেঃ আমি অজু ভংগ নোহোৱালৈকে অজু কৰা নাছিলোঁ।
ছহীহ (বুখাৰী)
"ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা; কাষলতিৰ নোম উঘালি পেলোৱা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া তোমালোকে প্ৰস্ৰাৱ-পায়খানা কৰিবা, তেতিয়া তোমালোকে কিবলামুখী নহ'বা আৰু কিবলাৰ ফালে পিঠিও নিদিবা। বৰং তোমালোকে পূৱ বা পশ্চিমফালে মুখ কৰি প্ৰস্ৰাৱ-পায়খানা কৰিবা।" আবু আইয়্যুব ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ আমি ছিৰিয়ালৈ আহি দেখিলোঁ, ইয়াৰ শৌচালয়সমূহ কিবলাৰ ফালে মুখ কৰি বনোৱা হৈছে। তেতিয়া আমি বেলেগ ফালে মুখ কৰি বহিছিলোঁ আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)