Skip to content

কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব।

উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব। ইয়াৰ উপৰিও (য়ামানত প্ৰস্তুতকৃত ৰঙীন কাপোৰৰ বাহিৰে বেলেগ কোনো) ৰঙীন কাপোৰ পিন্ধিব নোৱাৰিব। কাজল লগাব নোৱাৰিব, সুগন্ধি স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু হায়েজৰ পৰা পবিত্ৰ হোৱাৰ পিছত অকণমান কুস্ত অথবা আজফাৰ দ্বাৰা তৈয়াৰী (এবিধ সুগন্ধি দ্ৰব্য) ব্যৱহাৰ কৰিব পাৰিব।"

«لَا تُحِدُّ امْرَأَةٌ عَلَى مَيِّتٍ فَوْقَ ثَلَاثٍ إِلَّا عَلَى زَوْجٍ أَرْبَعَةَ أَشْهُرٍ وَعَشْرًا، وَلَا تَلْبَسُ ثَوْبًا مَصْبُوغًا إِلَّا ثَوْبَ عَصْبٍ، وَلَا تَكْتَحِلُ، وَلَا تَمَسُّ طِيبًا إِلَّا إِذَا طَهُرَتْ نُبْذَةً مِنْ قُسْطٍ أَوْ أَظْفَارٍ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মহিলাসকলক মৃত ব্যক্তিৰ বাবে তিনি দিনতকৈ অধিক সময় শোক পালন কৰিবলৈ নিষেধ কৰিছে, লগতে তেখেতে সিহঁতক এই অৱস্থাত সুগন্ধি, কাজল, আ-অলংকাৰ আৰু সুন্দৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে। মৃত ব্যক্তি পিতৃ হওক বা ভাই নাইবা পুত্ৰ অথবা অন্য কোনো আত্মীয়। কিন্তু স্বামীৰ ক্ষেত্ৰত চাৰি মাহ দহ দিন শোক পালন কৰিব লাগিব। স্বামীৰ শোক পালন কৰা অৱস্থাত নাৰীয়ে সকলো ধৰণৰ ৰঙীন সুসজ্জিত কাপোৰ পৰিহাৰ কৰিব লাগে, কেৱল ‘ছাওবুল আচাব’ (এবিধ য়ামানী ৰঙীন কাপোৰ) পিন্ধিব পাৰিব, যিটো বয়নৰ আগতেই ৰং কৰা হয়। এইদৰে সাজি কাঁচি থকাৰ উদ্দেশ্যে চকুত কাজল ব্যৱহাৰ কৰিব নোৱাৰিব, সুগন্ধি দ্ৰব্য (যিকোনো সুগন্ধি) স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু যদি তাই ঋতুস্ৰাৱৰ পৰা পবিত্ৰ হয়, সেই সময়ত অতি সামান্য পৰিমাণে ‘কুস্ত’ অথবা ‘আযফাৰ’ (এবিধ সুগন্ধি) ব্যৱহাৰ কৰিব পাৰে। এই সুগন্ধি দুটা হৈছে এক প্ৰকাৰ ধূপ, সুগন্ধি হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হোৱা নাই, বৰং ঋতুস্ৰাৱৰ দুৰ্গন্ধ দূৰ কৰিবলৈ হায়েজৰ পৰা পৱিত্ৰ হৈ যৌনাংগত ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে। যাতে তেজৰ বেয়া প্ৰভাৱ তথা দুৰ্গন্ধ দূৰ হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

শোক প্ৰকাশ কৰাৰ অৰ্থ হৈছেঃ সৌন্দৰ্য্যমূলক বস্তু পৰিত্যাগ কৰা আৰু বিবাহৰ ফালে ধাবিত কৰা প্ৰতিটো বস্তুৰ পৰা বিৰত থকা। লগতে এই অৱস্থাত সকলো ধৰণৰ আ-অলংকাৰ, সুগন্ধি, কাজল আৰু সৌন্দৰ্য্যমূলক পোছাক পৰিহাৰ কৰিব লাগিব।

স্বামীৰ বাহিৰে বেলেগ যিকোনো লোকৰ বাবে তিনি দিনতকৈ অধিক সময় নাৰীক শোক পালন কৰিবলৈ নিষেধ কৰা হৈছে।

হাদীছটোত স্বামীৰ মৰ্যাদা বৰ্ণিত হৈছে। কাৰণ স্বামীৰ বাহিৰে বেলেগ কাৰো বাবেই তিনি দিনতকৈ অধিক সময় শোক পালন কৰাৰ অনুমতি নাই।

মানসিক চাপ হ্ৰাস কৰিবলৈ তিনি দিন বা তাতোকৈ কম সময়ৰ অনুমতি প্ৰদান কৰা হৈছে।

স্ত্ৰীয়ে স্বামীৰ বাবে চাৰি মাহ দহ দিন শোক পালন কৰা ওৱাজিব। আনহাতে গৰ্ভৱতী হ'লে সন্তান প্ৰসৱ নকৰালৈকে শোক পালন কৰিব লাগিব।

সৌন্দৰ্য্য নথকা ৰঙীন কাপোৰ পৰিধান কৰাত কোনো অসুবিধা নাই। এইটো নিৰ্ধাৰণৰ মানদণ্ড হৈছে সামাজিক নীতি।

সম্পাদক

ছহীহ বুখাৰী (7/ 60) (5342- 5343).

ছহীহ মুছলিম (2/ 1127) (938).

অধিক (4)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (2/ 81).

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص608).