Skip to content

তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।

আৰফাজাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

"তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।"

«مَنْ أَتَاكُمْ وَأَمْرُكُمْ جَمِيعٌ عَلَى رَجُلٍ وَاحِدٍ، يُرِيدُ أَنْ يَشُقَّ عَصَاكُمْ، أَوْ يُفَرِّقَ جَمَاعَتَكُمْ، فَاقْتُلُوهُ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমসকল এজন আমীৰৰ অধীনত জামাতবদ্ধ হৈ থকাৰ সময়ত যদি কোনোবাই নেতৃত্ব কাঢ়ি লবলৈ বিবাদ সৃষ্টি কৰে অথবা মুছলিমসকলক যদি বিভিন্ন গোটত বিভক্ত কৰিবলৈ প্ৰয়াস কৰে, তেন্তে অনিষ্টতা দূৰ কৰিবলৈ আৰু মুছলিমসকলৰ তেজ সুৰক্ষিত কৰিবলৈ তাক বাধা দিয়া আৰু তাৰ সৈতে যুদ্ধ কৰা অনিবাৰ্য হৈ পৰে।

শব্দাৰ্থ

وأمركم جميع: كلمتكم مجتمعة على إمام واحد، وأنتم يد واحدة.

يشق عصاكم: أصل العصا الاجتماع والائتلاف، والمراد هنا أنه يريد تفريق جماعتكم التي اجتمعت على إمام واحد.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গুনাহ নোহোৱাকৈ মুছলিম শাসকৰ কথা মনা আৰু তেওঁৰ আনুগত্য কৰা ওৱাজিব। তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰা হাৰাম।

মুছলিম জামাত আৰু আমিৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ব্যক্তিক হত্যা কৰা ওৱাজিব, তাৰ মৰ্যাদা আৰু বংশ যিমানেই উচ্চমানৰ নহওক কিয়।

একতাৰ প্রতি উৎসাহ প্রদান কৰা হৈছে আৰু মতানৈক্য তথা মতোবিৰোধ পৰিহাৰ কৰিবলৈ উৎসাহ দিয়া হৈছে।

সম্পাদক

ছহীহ মুছলিম (3/ 1480) (1852).

অধিক (8)

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (8/ 349).

توضيح الأحكام شرح بلوغ المرام.

للبسام (6/ 329).

فتح ذي الجلال والإكرام بشرح بلوغ المرام.

لابن عثيمين (5/ 302).

المفاتيح في شرح المصابيح.

الحسين المُظْهِري (4/ 295).