Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে হদ্দযোগ্য (শাস্তি পোৱাৰ উপযুক্ত) অপৰাধ কৰিছে, আৰু তাক যদি পৃথিৱীতেই সেই শাস্তি প্ৰদান কৰা হয়, তেন্তে জানি থোৱা! মহান আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি আখিৰাতত পুনৰ শাস্তি প্ৰদানৰ ক্ষেত্ৰত নিশ্চিতভাৱে ন্যায়বিচাৰ কৰিব। আনহাতে যদি কোনোবাই হদ্দযোগ্য কোনো অপৰাধ কৰে, আৰু আল্লাহে যদি তাৰ সেই অপৰাধ গোপন কৰি ৰাখে, আৰু তাক ক্ষমা কৰি দিয়ে, তেন্তে জানি থোৱা! আল্লাহে ক্ষমা কৰাৰ পিছত পুনৰ সেই বিষয়টোক চালিজাৰি চোৱাৰ ক্ষেত্ৰত তেওঁ অত্যন্ত দয়াশীল।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। দাৰুকুতনীয়ে তেওঁৰ ছুনানত বৰ্ণনা কৰিছে।
উকল বা উৰাইনাহ গোত্রৰ কিছু সংখ্যক লোকে (ইছলাম গ্রহণ কৰাৰ কাৰণে) মদিনালৈ অহাত সিহঁত অসুস্থ হৈ পৰিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক (চাদাকাৰ) উটৰ ওচৰত যাবলৈ আৰু তাৰ প্ৰস্ৰাব আৰু গাখীৰ পান কৰিবলৈ নির্দেশ দিলে। সিহঁতে তালৈ গুচি গ’ল। তাৰ পিছত সিহঁত সুস্থ হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাখোৱালক হত্যা কৰিলে আৰু উটবোৰক খেদি লৈ গ’ল। এই খবৰ (তেখেতৰ ওচৰলৈ) দিনৰ প্রথম ভাগতেই আহি পালে। তেখেতে সিহঁতৰ পিছে পিছে মানুহ পঠালে। দুপৰীয়াৰ আগতে সিহঁতক (বন্দী কৰি) অনা হ’ল। তাৰ পিছত তেখেতৰ আদেশত সিহঁতৰ হাত-ভৰি কাটি দিয়া হ’ল। উত্তপ্ত শলাৰ দ্বাৰা সিহঁতৰ চকু পুৰি দিয়া হ’ল আৰু গৰম পাথৰৰ ভূমিত সিহঁতক নিক্ষেপ কৰা হ’ল। সিহঁতে পানী বিচাৰিছিল, কিন্তু দিয়া নহ’ল। আবু কিলাবা (ৰাহিমাহুল্লাহ)-এ কৈছে, ইহঁতে চুৰি কৰিছিল, হত্যা কৰিছিল, ঈমান অনাৰ পিছত কুফৰী কৰিছিল আৰু আল্লাহ্ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আলী ৰাদ্বিয়াল্লাহু আনহুৱে কিছুমান লোকক অগ্নিদগ্ধ কৰি শাস্তি বিহিছিল, এই সংবাদ যেতিয়া ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে পালে, তেতিয়া তেওঁ ক'লেঃ যদি সেই দায়িত্বত মই থাকিলোঁহেঁতেন তেন্তে মই কেতিয়াও সিহঁতক জুইত পুৰি শাস্তি নিবিহিলোঁহেঁতেন। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।" বৰং মই সিহঁতক (হত্যা কৰি) মৃত্যুদণ্ড বিহিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ধৰ্ম ত্যাগ কৰে, তাক হত্যা কৰা।"
ছহীহ (বুখাৰী)
"এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})