সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
«كُلُّ مَعْرُوفٍ صَدَقَةٌ».
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, প্রতিটো সৎকৰ্ম যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়, সেয়া কথা হওক বা কৰ্ম, সেইটোৱে হৈছে চাদাক্বাহ। ইয়াৰ ফলত কৰ্তাই ছোৱাব তথা প্ৰতিদান লাভ কৰিব।
معروف : المعروف اسم جامع لكل ما فيه نفع للآخرين من قول أو فعل.
মানুহে নিজৰ সম্পদৰ পৰা যি দান কৰে কেৱল সেইটোৰ মাজতে চাদাক্বাহ সীমাবদ্ধ নহয়; বৰং প্ৰতিটো কল্যাণকৰ কৰ্মই হৈছে চাদাক্বাহ, যিটো মানুহে কথা আৰু কৰ্মৰ দ্বাৰা সম্পাদন কৰে তথা যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়।
এই হাদীছটোত সৎকৰ্ম কৰিবলৈ আৰু আনৰ উপকাৰ হোৱা কৰ্ম কৰিবলৈ উৎসাহ দিয়া হৈছে।
কোনো সৎকৰ্মকেই তুচ্ছ জ্ঞান কৰা উচিত নহয়, সেইটো যিমানেই সৰু নহওক কিয়।
ছহীহ বুখাৰী (8/ 11) (6021).
ছহীহ মুছলিম (2/ 697) (1005).
অধিক (4)
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (10/ 117).
توضيح الأحكام من بلوغ المرام.
للبسام (7/ 341).