তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।
ইকৰিমাৰ পৰা বৰ্ণিত যে,
আলী ৰাদ্বিয়াল্লাহু আনহুৱে কিছুমান লোকক অগ্নিদগ্ধ কৰি শাস্তি বিহিছিল, এই সংবাদ যেতিয়া ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে পালে, তেতিয়া তেওঁ ক'লেঃ যদি সেই দায়িত্বত মই থাকিলোঁহেঁতেন তেন্তে মই কেতিয়াও সিহঁতক জুইত পুৰি শাস্তি নিবিহিলোঁহেঁতেন। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে আল্লাহৰ শাস্তিৰে শাস্তি নিদিবা।" বৰং মই সিহঁতক (হত্যা কৰি) মৃত্যুদণ্ড বিহিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ধৰ্ম ত্যাগ কৰে, তাক হত্যা কৰা।"
أَنَّ عَلِيًّا رَضِيَ اللَّهُ عَنْهُ حَرَّقَ قَوْمًا، فَبَلَغَ ابْنَ عَبَّاسٍ فَقَالَ: لَوْ كُنْتُ أَنَا لَمْ أُحَرِّقْهُمْ لِأَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «لاَ تُعَذِّبُوا بِعَذَابِ اللَّهِ»، وَلَقَتَلْتُهُمْ كَمَا قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ بَدَّلَ دِينَهُ فَاقْتُلُوهُ».
হাদীছটোত উল্লেখ হৈছে যে, আলী ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম ত্যাগ কৰা কেইজনমান নাস্তিকক জুইত নিক্ষেপ কৰি শাস্তি বিহিছিল। এই খবৰ আব্দুল্লাহ ইবনে আব্বাছে লাভ কৰাৰ পিছত তেওঁ সিহঁতৰ শাস্তিৰ বিষয়টোক সমৰ্থন কৰিছিল কিন্তু জুইত পুৰি শাস্তি বিহা কাৰ্য্যক সমৰ্থন কৰা নাছিল। তেওঁ কৈছিল, সেই পদৱীত যদি মই থাকিলোঁহেঁতেন তেন্তে কেতিয়াও মই সিহঁতক জুইত নিক্ষেপ কৰি শাস্তি নিদিলোঁহেঁতেন। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, জুইৰ দ্বাৰা শাস্তি বিহা উচিত নহয়, কাৰণ জুইৰ শাস্তি কেৱল আল্লাহে বিহিব। ইয়াৰ বিপৰীতে সিহঁতক হত্যা কৰিলেই যথেষ্ট হ'লহেঁতেন, কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে ইছলামৰ পৰা আঁতৰি যায় আৰু নিজৰ ধৰ্ম পৰিবৰ্তন কৰে তাক তোমালোকে হত্যা কৰা।
এই ক্ষেত্ৰত উলামাসকল একমত যে, ইছলাম পৰিত্যাগকাৰী মুৰ্তাদ ব্যক্তিক হত্যা কৰা ওৱাজিব, কিন্তু চৰ্ত হৈছে এইটো সাধাৰণ লোকে বাস্তৱায়ন কৰিব নোৱাৰিব, প্ৰশাসনে তথা আদালতে এই শাস্তি কাৰ্য্যকৰী কৰিব।
"من بدَّل دينه، فاقتلوه" (যিয়ে ইছলাম পৰিত্যাগ কৰিব, তাক তোমালোকে হত্যা কৰা) ইয়াৰ দ্বাৰা প্ৰত্যেক সেই ব্যক্তিক বুজোৱা হৈছে, যিয়ে ইছলাম পৰিত্যাগ কৰিছে, পুৰুষ হওক বা নাৰী।
মুৰ্তাদ ব্যক্তিৰ ইছলাম ত্যাগ কৰা কাৰ্য্যক কেতিয়াও স্বীকাৰ কৰি লোৱা নহয়, বৰং তাক ইছলামৰ ফালে আহ্বান কৰা হ'ব, যদি সি স্বীকাৰ নকৰে তেন্তে হত্যা কৰা হ'ব।
এই হাদীছটোত জুইৰ দ্বাৰা শাস্তি বিহিবলৈ নিষেধ কৰা হৈছে। জুইৰ দ্বাৰা নিৰ্ধাৰিত শাস্তি পূৰণ নহয়।
হাদীছটোৰ দ্বাৰা ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ মৰ্যাদা প্ৰমাণিত হয়, লগতে তেওঁৰ ইল্মৰ গভীৰতা আৰু হাদীছে নবৱীৰ থকা তেওঁৰ সঠিক বোধশক্তি প্ৰমাণ হয়।
হাদীছটোৰ দ্বাৰা প্ৰতিপক্ষৰ কাৰ্য্যক নসাৎ কৰাৰ শিষ্টাচাৰ শিকোৱা হৈছে।
ছহীহ বুখাৰী (4/ 61) (3017).
অধিক (14)
عمدة القاري شرح صحيح البخاري.
لبدر الدين العيني (14/ 264).
منحة العلام في شرح بلوغ المرام.
لعبد الله الفوزان (8/ 364).
توضيح الأحكام شرح بلوغ المرام.
لعبد الله البسام (6/ 204).
فتح ذي الجلال والإكرام بشرح بلوغ المرام.
لابن عثيمين (5/ 218).
الإفصاح عن معاني الصحاح.
لابن هبيرة (3/ 190).
التوضيح لشرح الجامع الصحيح.
لابن الملقن (18/ 58).
نيل الأوطار.
للشوكاني (7/ 225).
গ্ৰন্থসমূহত উল্লেখিত
5 গ্ৰন্থসমূহঅধিক (5)
- الإسلام دين كامل«مَنْ بَدَّلَ دِينَهُ فَاقْتُلُوهُ» [2]،
- التسليم للنص الشرعي والمعارضات الفكرية المعاصرة06 التسليم للنص الشرعي - من المبحث الثالث الفصل الرابع حتى الفصل الخامس"من بدل دينه فاقتلوه"
- التسليم للنص الشرعي والمعارضات الفكرية المعاصرة06 التسليم للنص الشرعي - من المبحث الثالث الفصل الرابع حتى الفصل الخامس"لا تعذبوا بعذاب الله"
- حكم المستهزئين بالأنبياء والمرسلين«مَنْ بَدَّلَ دِينَهُ فَاقْتُلُوهُ»[3].
- عقيدة التوحيدعقيدة التوحيد وبيان ما يضادها...«مَنْ بَدَّلَ دِينَهُ فَاقْتُلُوهُ»[61].