Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 18 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মোক দুজন ব্যক্তিয়ে জনাইছে যে, তেওঁলোকে বিদায়ী হজ্জৰ দিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত গৈ উপস্থিত হয়, সেই সময়ত তেখেতে চাদাক্বাহ বিতৰণ কৰি আছিল। তেওঁলোকে তেখেতৰ পৰা সেই বিতৰণকৃত চাদাক্বাৰ পৰা কিছু ধন বিচাৰিলে। (তেওঁলোকে কৈছে) তেখেতে আমাৰ ফালে দৃষ্টিপাত কৰি আকৌ তলমূৰ কৰিলে। তেখেতে দেখিলে যে, আমি দুয়ো স্বাস্থ্যৱান। সেয়ে তেখেতে ক'লেঃ "যদি তোমালোকে বিচৰা তেন্তে মই তোমালোকক দিব পাৰোঁ, কিন্তু এই সম্পদত ধনী আৰু কৰ্মক্ষম ব্যক্তিৰ কোনো অংশ নাই।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
"বান্দাসকলে প্ৰভাতত উপনীত হোৱা প্ৰতিটো দিনতে পুৱাৰ ভাগত দুজন ফিৰিস্তা অৱতীৰ্ণ হয়। তাৰে এজনে কয়ঃ হে আল্লাহ! দানকাৰীক ইয়াৰ উত্তম প্ৰতিদান দিয়া, দ্বিতীয়জনে কয়ঃ হে আল্লাহ! কৃপণৰ সম্পদ ধ্বংস কৰি দিয়া।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে আল্লাহৰ ৰাছুল! ছাআদৰ মাক মৃত্যুবৰণ কৰিছে, গতিকে তেওঁৰ হকে কোনটো চাদাক্বাহ উত্তম হ'ব? তেখেতে ক'লেঃ "পানী"। ইয়াৰ পিছত তেওঁ এটা কুঁৱা খান্দি ক'লে যে, এইটো উম্মু ছাআদৰ বাবে অকফ কৰিলোঁ।
সকলো চনদৰ সমন্বয়ত হাদীছটো হাছান। আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মিম্বৰৰ ওপৰত থিয় হৈ চাদাক্বাহ সম্পৰ্কে বৰ্ণনা কৰিলে, লগতে ভিক্ষাবৃত্তিৰ পৰা বিৰত থকা আৰু খুজি মাগি খোৱা সম্পৰ্কে উল্লেখ কৰি ক'লেঃ "তলৰ হাততকৈ ওপৰৰ হাত উত্তম। ওপৰৰ হাত হৈছে দাতাৰ আৰু তলৰ হাত হৈছে ভিখাৰীৰ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ফিতৰা হিচাপে এক ছা পৰিমাণ খেজুৰ অথবা এক ছা যৱ, প্ৰতিজন স্বাধীন আৰু পৰাধীন, পুৰুষ আৰু নাৰী, আনকি সৰু বৰ সকলো মুছলিমৰ ওপৰতে অনিবাৰ্য্য কৰিছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, ঈদৰ নামাজৰ পূৰ্বেই যাতে এইটো আদায় দিয়া হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ প্ৰত্যেকেই আল্লাহৰ লগত এনেকৈ কথা ক'ব যে, তাৰ আৰু আল্লাহৰ মাজত কোনো অনুবাদকাৰী নাথাকিব। তেতিয়া সি নিজৰ সোঁফালে চাব, তেতিয়া তাত কেৱল নিজৰ আমলহে দেখা পাব, আৰু বাওঁফালে লক্ষ্য কৰিব, তাতো কেৱল নিজৰ আমলহে দেখা পাব, আৰু সন্মুখৰ পিনে চাব, তাত দেখা পাব জাহান্নাম। গতিকে জাহান্নামৰ জুইৰ পৰা বাচিবলৈ চেষ্টা কৰা, যদিও এটুকুৰা খেজুৰৰ জৰিয়তেই নহওক কিয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।"
ছহীহ (মুছলিম)