Skip to content

এজনে প্ৰশ্ন কৰিছে যে, মোৰ মাকৰ বয়স ৬৫ বছৰ। যোৱা ১৯ বছৰত তেওঁ কোনো সন্তান প্রসৱ কৰা নাই। কিন্তু বিগত তিনি বছৰৰ পৰা তেওঁৰ ৰক্তক্ষৰণ হৈ আছে। গতিকে আগন্তুক ৰমজান মাহ উপলক্ষে তেওঁক কিবা নছীহত কৰিব বুলি আশা ৰাখিলোঁ। এনেকুৱা মহিলাসকলৰ কৰণীয় কি?

السؤال

প্ৰশ্ন নং ১-

এজনে প্ৰশ্ন কৰিছে যে, মোৰ মাকৰ বয়স ৬৫ বছৰ। যোৱা ১৯ বছৰত তেওঁ কোনো সন্তান প্রসৱ কৰা নাই। কিন্তু বিগত তিনি বছৰৰ পৰা তেওঁৰ ৰক্তক্ষৰণ হৈ আছে। গতিকে আগন্তুক ৰমজান মাহ উপলক্ষে তেওঁক কিবা নছীহত কৰিব বুলি আশা ৰাখিলোঁ। এনেকুৱা মহিলাসকলৰ কৰণীয় কি?

س33: لي والدةٌ تبلغ من العمر خمسةً وستّين عامًا، ولها مدة تسع عشرة سنةً وهي لم تأت بأطفالٍ، والآن معها نزيف دمٍ، لها مدة ثلاث سنواتٍ، وهو مرضٌ -يبدو- أتاها في تلكم الفترة، ولأنها ستستقبل الصّيام، فكيف تنصحونها؟ وكيف يتصرف مثلها؟

الجواب

উত্তৰঃ

এনেকুৱা ৰক্তক্ষৰণ হোৱা মহিলাসকলে সেই ঘটনাৰ আগত কিমান দিনকৈ হায়েজ হৈছিল সেইটো মনত পেলাব লাগিব আৰু সেই মতে প্রত্যেক মাহত সেই কেইদিন নামাজ-ৰোজাৰ পৰা বিৰত থাকিব। উদাহৰণস্বৰূপে, যদি আগতে প্রত্যেক মাহৰ আৰম্ভণিত ছয় দিনকৈ ঋতুস্ৰাৱ হৈছিল, তেতিয়াহ’লে এতিয়াও প্রত্যেক মাহৰ আৰম্ভণিতে ছয় দিনকৈ নামাজ-ৰোজাৰ পৰা বিৰত থাকিব। ছয় দিন পাৰ হোৱাৰ পিছত ভালকৈ গা-গোছল কৰি নামাজ-ৰোজা পালন কৰিব।

উক্ত মহিলাজনী আৰু তেওঁৰ দৰে বেমাৰী মহিলাসকলৰ নামাজৰ পদ্ধতি হৈছে, প্ৰথমে নিজৰ লজ্জাস্থান পৰিপূৰ্ণৰূপে ধুই লব আৰু তাৰ পিছত কাপোৰ (বা ছেনিটেৰী নেপকিন তথা পেড) আদি ভালকৈ লগাব আৰু তাৰ পিছত অজু কৰিব। ফৰজ নামাজৰ ক্ষেত্রত নামাজৰ সময় আৰম্ভ হোৱাৰ পিছত অজু কৰিব লাগিব। এইদৰে ফৰজ নামাজৰ বাহিৰে কোনো নফল নামাজ পঢ়িব বিচাৰিলেও এনেকৈয়ে কৰিব লাগিব।

বিষয়টো কষ্ট হোৱাৰ কাৰণে জোহৰৰ সৈতে আছৰ আৰু মাগৰিবৰ সৈতে ঈশ্বাৰ নামাজ জমা কৰি আদায় কৰা তাইৰ বাবে জায়েজ। যাতে এই কষ্টসাধ্য কামটো পাঁচ বাৰৰ পৰিৱৰ্তে তিনিবাৰতেই হৈ যায়। জোহৰ আৰু আছৰৰ

বাবে এবাৰ, মাগৰিব আৰু ঈশ্বাৰ বাবে এবাৰ আৰু ফজৰৰ বাবে এবাৰ।

মই আকৌ কৈছোঁ- যেতিয়া তাইৰ পৱিত্ৰতা অর্জন কৰাৰ প্ৰয়োজন হ’ব, তেতিয়া তাই নিজৰ লজ্জাস্থান ভালকৈ ধুই কাপোৰ বা তেনেকুৱা বেলেগ কোনো বস্তুৰে লজ্জাস্থান আবৃত কৰিব- যাতে ৰক্তক্ষৰণৰ পৰিমাণটো অলপ কম হয়। তাৰ পিছত অজু কৰি নামাজ পঢ়িব। জোহৰৰ চাৰি ৰাকআত, আছৰৰ চাৰি ৰাক‘আত, মাগৰিবৰ তিনি ৰাক‘আত, ঈশ্বাৰ চাৰি ৰাক‘আত আৰু ফজৰৰ দুই ৰাক‘আত পঢ়িব। ইয়াৰ অৰ্থ হৈছে তাই কছৰ নকৰিব- কিছুমান মানুহে তেনেকুৱা ধাৰণা কৰে।

কিন্তু জোহৰ আৰু আছৰ, এইদৰে মাগৰিব আৰু ঈশ্বা নামাজ জমা কৰি আদায় কৰা তাইৰ বাবে জায়েজ- কছৰ হিচাপে নহয়। জোহৰক আছৰৰ ওৱাক্তলৈকে পলম কৰি অথবা আছৰক জোহৰৰ সময়ত আগতীয়াকৈ পঢ়িব পাৰে। অনুৰূপভাৱে মাগৰিবক ঈশ্বাৰ ওৱাক্তলৈকে বিলম্বিত কৰি অথবা ইশ্বাক মাগৰিবৰ সময়তে আগতীয়াকৈ পঢ়ি লোৱাত কোনো বাধা নাই। আৰু এটা কথা, যদি কোনোবাই এই অজুতেই নফল নামাজ পঢ়িব বিচাৰে, তেন্তে পঢ়িব পাৰে- তাত কোনো অসুবিধা নাই।

ﺟ33: مثل هذه المرأة التي أصابها نزيف الدم حكمها: أن تترك الصلاة والصوم مدة عادتها السابقة قبل هذا الحدث الذي أصابها، فإذا كان من عادتها أن الحيض يأتيها من أول كلّ شهرٍ لمدة ستة أيامٍ مثلًا، فإنها تجلس من أول كلّ شهرٍ مدة ستة أيامٍ لا تصلّي ولا تصوم، فإذا انقضت اغتسلت وصلت وصامت.

وكيفية الصلاة لهذه وأمثالها: أنّها تغسل فرجها غسلًا تامًّا، وتعصبه، وتتوضأ، وتفعل ذلك بعد دخول وقت صلاة الفريضة، وكذلك تفعله إذا أرادت أن تتنفل في غير أوقات فرائض.

وفي هذه الحال -ومن أجل المشقة عليها- يجوز لها أن تجمع صلاة الظّهر مع العصر، وصلاة المغرب مع العشاء؛ حتى يكون عملها هذا واحدًا للصلاتين: صلاة الظّهر، والعصر.

وواحدًا للصلاتين: صلاة المغرب، والعشاء، وواحدًا لصلاة الفجر، بدلًا من أن تعمل ذلك خمس مراتٍ تعمله ثلاث مراتٍ.

وأعيده مرةً ثانيةً، فأقول: عندما تريد الطهارة تغسل فرجها، وتعصبه بخرقةٍ أو شبهها حتى يخف الخارج، ثم تتوضأ، وتصلّي الظّهر أربعًا، والعصر أربعًا، والمغرب ثلاثًا، والعشاء أربعًا، والفجر ركعتين، أي: أنها لا تقصر، كما يتوهمه بعض العامة،

ولكن يجوز لها أن تجمع بين صلاتي الظّهر والعصر، وبين صلاتي المغرب والعشاء، الظّهر مع العصر إمّا تأخيرًا أو تقديمًا، وكذلك المغرب مع العشاء إما تقديمًا أو تأخيرًا، وإذا أرادت أن تتنفل بهذا الوضوء فلا حرج عليها.