হাদীছ আৰু খুতবা শুনিবলৈ হায়েজ অৱস্থাত কোনো নাৰীয়ে মছজিদে হাৰামত অৱস্থান কৰিব পাৰিবনে?
السؤال
প্ৰশ্ন নং ১-
হাদীছ আৰু খুতবা শুনিবলৈ হায়েজ অৱস্থাত কোনো নাৰীয়ে মছজিদে হাৰামত অৱস্থান কৰিব পাৰিবনে?
س34: ما حكم وجود المرأة في المسجد الحرام وهي حائضٌ؛ لاستماع الأحاديث والخطب؟
الجواب
উত্তৰঃ
মছজিদে হাৰাম হওক বা বেলেগ কোনো মছজিদ, হায়েজ অৱস্থাত নাৰীয়ে তাত অৱস্থান কৰা বৈধ নহয়। কিন্তু প্রয়োজনত মছজিদৰ ভিতৰেৰে অতিক্ৰম কৰি যাব পাৰে আৰু তাৰ পৰা কিবা লবলগীয়া থাকিলে লব পাৰে।
ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) আইশ্বা (ৰাদ্বিয়াল্লাহু আনহা)ক “খুমৰা” [1] (এবিধ সৰু ঢাৰি) আনিবলৈ ক’লেঃ তেওঁ ক’লে সেইখন মছজিদৰ ভিতৰত আছে, আৰু মই হায়েজ অৱস্থাত আছোঁ। তেতিয়া ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লেঃ “হায়েজ তো তোমাৰ হাতত নাই।”
এতেকে হায়েজ অৱস্থাত নাৰীয়ে মছজিদৰ ভিতৰত অৱস্থান নকৰাকৈ নিজৰ প্ৰয়োজন পূৰণ কৰি পাৰ হোৱাত কোনো অসুবিধা নাই। কিন্তু তেজ যাতে নপৰে সেইপিনে নিশ্চিত থাকিব লাগিব।
[1] আৰবীত খুমৰা কোৱা হয় এবিধ সৰু পাটিক, যিটোত মুচল্লিয়ে নামাজ পঢ়ে। ইয়াক খুমৰা এই কাৰণে কোৱা হয় যে, কিয়নো ই মুখ ঢাকি দিয়ে, অৰ্থাৎ ছাজদাহ কৰিলে মুখ দেখা নাযায়।
কিন্তু যদি তাই মছজিদত প্ৰৱেশ কৰি বহিব বিচাৰে তেন্তে সেইটো বৈধ নহয়।
ইয়াৰ প্ৰমাণ হৈছে, ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) মহিলা-তৰুণী, কুমাৰী আৰু ঋতুৱতী আদি সকলোকে ঈদগাহলৈ যোৱাৰ নিৰ্দেশ দিছে, লগতে কৈছেঃ ঋতুৱতী নাৰীয়ে যেন মুচাল্লাৰ পৰা আঁতৰি থাকে।
এই হাদীছৰ দ্বাৰা প্রমাণিত হয় যে, দ্বিনী বৈঠক বা খুতবা শুনাৰ বাবে মছজিদত অৱস্থান কৰা ঋতুৱতী নাৰীৰ বাবে বৈধ নহয়।
ﺟ34: لا يجوز للمرأة الحائض أن تمكث في المسجد الحرام ولا غيره من المساجد، ولكن يجوز لها أن تمر بالمسجد، وتأخذ الحاجة منه وما أشبه ذلك؛ كما قال النبيّ ﷺ لعائشة حين أمرها أن تأتي بالخمرة[1]، فقالت: إنها في الـمسجد، وإنّي حائضٌ، فقال:
«إِنَّ حَيْضَتَكِ لَيْسَتْ فِي يَدِكِ» [2]،
فإذا مرت الحائض في المسجد، وهي آمنةٌ من أن ينزل دمٌ على المسجد، فلا حرج عليها.
[14] الخمرة: هي السجادة يسجد عليها المصلي، وسميت خمرة؛ لأنها تخمر الوجه، أي: تغطيه.
[15] مسلم، كتاب الحيض، باب جواز غسل الحائض رأس زوجها وترجيله (11) (298).
أما إن كانت تريد أن تدخل وتجلس فهذا لا يجوز.
والدليل على ذلك: أن النبي ﷺ أمر النّساء في صلاة العيد أن يخرجن إلى مصلى العيد -العواتق، وذوات الخدور، والحيض- إلا أنه أمر أن يعتزل الحيض المصلى [3]،
فدل ذلك على أنّ الحائض لا يجوز لها أن تمكث في المسجد لاستماع الخطبة، أو استماع الدرس والأحاديث.
[16] البخاري، كتاب العيدين، باب خروج النساء والحيض (974)، ومسلم، كتاب العيدين، باب ذكر إباحة خروج النساء في العيدين إلى المصلى (10) (890).
من أحكام الطهارة في الصلاة