Skip to content

নামাজত থকা অৱস্থাত মোৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে। তেনে অৱস্থাত মোৰ কৰণীয় কি? সেই নামাজটো মই ক্বাজা আদায় কৰিব লাগিব নেকি?

السؤال

প্ৰশ্ন নং ১-

নামাজত থকা অৱস্থাত মোৰ ঋতুস্ৰাৱ আৰম্ভ হৈছে। তেনে অৱস্থাত মোৰ কৰণীয় কি? সেই নামাজটো মই ক্বাজা আদায় কৰিব লাগিব নেকি?

س32: دخلت عليّ العادة الشهرية أثناء الصلاة، ماذا أفعل؟ وهل أقضي الصلاة عن مدة الحيض؟

الجواب

উত্তৰঃ

নামাজৰ সময় হোৱাৰ পিছত যদি কাৰোবাৰ ঋতুস্ৰাৱ আহে, যেনে- সূৰ্য্য হালি পৰাৰ আধা ঘণ্টামান পিছত যদি কাৰোবাৰ ঋতুস্ৰাৱ আৰম্ভ হয়, তেনেহ’লে ঋতুস্ৰাৱৰ পৰা পৱিত্ৰ হোৱাৰ পিছত সেই নামাজৰ ক্বাজা আদায় কৰিব লাগিব- কিয়নো নামাজৰ সময় আৰম্ভ হোৱাৰ সময়ত তাই পৱিত্ৰ আছিল।

মহান আল্লাহে কৈছে, “নিশ্চয় নিৰ্ধাৰিত সময়ত নামাজ আদায় কৰাটো মুমিনসকলৰ বাবে অৱশ্য কৰ্তব্য” (ছুৰা আন-নিছা ১০৩)।

হায়েজৰ সময়ৰ নামাজ ক্বাজা আদায় কৰাৰ প্ৰয়োজন নাই। ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লামে) এটা দীৰ্ঘ হাদীছত কৈছেঃ

“মহিলাসকলে হায়েজ হ’লে নামাজ-ৰোজাৰ পৰা বিৰত নাথাকেনে?”

উলামাসকল এই কথাত একমত যে, মাহেকীয়া চলা অৱস্থাত পঢ়িব নোৱাৰা নামাজ ক্বাজা পালন কৰাৰ প্ৰয়োজন নাই।

কিন্তু হায়েজৰ পৰা পৱিত্ৰতা লাভ কৰাৰ সময়ত যদি এক বা একাধিক ৰাকআত পৰিমাণ নামাজ পঢ়িব পৰা সময় থাকে তেন্তে সেই নামাজ ক্বাজা আদায় কৰিব লাগিব। কিয়নো ৰাছুলুল্লাহ (চাল্লাল্লাহু আলাইহি অছাল্লামে) কৈছেঃ

“যি ব্যক্তিয়ে সূৰ্যাস্তৰ আগত আছৰৰ এক ৰাকআত পাইছে, সি দৰাচলতে সম্পূৰ্ণ আছৰৰ নামাজ পাইছে।”

এতেকে, যদি কোনোবাই আছৰৰ সময় থকাত পৱিত্ৰ হয় অৰ্থাৎ সূৰ্য্য এতিয়াও অস্ত যোৱা নাই এক ৰাকাত পঢ়িব পৰা সময় আছে, নাইবা কোনোবাই যদি সূৰ্য্য উদয় হোৱাৰ আগত এক ৰাকাত পৰিমাণ সময় থকা অৱস্থাত পৱিত্ৰতা লাভ কৰে, তেন্তে প্ৰথম বিষয়টোত তাই আচৰৰ নামাজ পঢ়িব লাগিব আৰু দ্বিতীয়টোত ফজৰৰ নামাজ পঢ়িব লাগিব।

ﺟ32: إذا حدث الحيض بعد دخول وقت الصلاة -كأن حاضت بعد الزوال بنصف ساعةٍ مثلًا- فإنها بعد أن تطهر من الحيض تقضي هذه الصلاة التي دخل وقتها وهي طاهرٌ؛ لقوله تعالى:

﴿...إِنَّ ٱلصَّلَوٰةَ كَانَتۡ عَلَى ٱلۡمُؤۡمِنِينَ كِتَٰبٗا مَّوۡقُوتٗا﴾

[النساء:103].

ولا تقضي الصلاة عن وقت الحيض؛ لقوله ﷺ في الحديث الطويل:

«أَلَيْسَتْ إِذَا حَاضَتْ لَمْ تُصَلِّ، وَلَمْ تَصُمْ؟» [1]،

وأجمع أهل العلم أنها لا تقضي الصلاة التي فاتتها أثناء مدة الحيض.

[12] تقدم تخريجه.

أما إذا طهرت، وكان باقيًا من الوقت مقدار ركعةٍ فأكثر، فإنها تصلّي ذلك الوقت الذي طهرت فيه؛ لقوله ﷺ:

«مَنْ أَدْرَكَ رَكْعَةً مِنَ الْعَصْرِ قَبْلَ أَنْ تَغْرُبَ الشَّمْسُ، فَقَدْ أَدْرَكَ الْعَصْرَ» [2]،

فإذا طهرت وقت العصر، أو قبل طلوع الشمس، وكان باقيًا على غروب الشمس أو طلوعها مقدار ركعةٍ، فإنها تصلّي العصر في المسألة الأولى، والفجر في المسألة الثانية.

[13] تقدم تخريجه.