Skip to content

জুমু‘আৰ দিনা ইমামে খুতবা দিয়াৰ সময়ত, যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈও কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

জুমু‘আৰ দিনা ইমামে খুতবা দিয়াৰ সময়ত, যদি তুমি তোমাৰ সঙ্গীক চুপ থাকিবলৈও কোৱা তেন্তে তুমিও অনৰ্থক কাম কৰিলা।

«إذا قُلْتَ لِصَاحِبِكَ: أَنْصِتْ، يومَ الجمعةِ، والْإِمامُ يَخْطُبُ، فَقَدْ لَغَوْتَ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবাত উপস্থিত হোৱা লোকসকলে অৱলম্বন কৰিবলগীয়া নিয়ম-নীতি উল্লেখ কৰিছে। ইমামে খুতবা দিয়াৰ সময়ত কথা ক'ব নালাগে, যাতে ইমামে দিয়া উপদেশ ভালকৈ বুজিব পাৰে। সেয়ে ইমামে খুতবা দিয়াৰ সময়ত যদি কোনোবাই কাৰোবাক কয় যে, "কথা নক'বা, খুতবা শুনা", এইখিনি কথা ক'লেও সি জুমুআৰ নামাজৰ ফজিলতৰ পৰা বঞ্চিত হ'ব।

শব্দাৰ্থ

أَنْصِتْ: اسكت عن الكلام.

لَغَوْتَ: لغا أتى بقول ساقط، ليس فيه فائدة.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

খুতবা শুনাৰ সময়ত কথা কোৱা হাৰাম। হাঁচিৰ উত্তৰ দিয়াই হওক বা ছালামৰ উত্তৰ দিয়া, নাইবা অসৎকৰ্মৰ পৰা নিষেধ কৰাই হওক।

কেৱল সেই ব্যক্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়, যিয়ে ইমামক সম্বোধন কৰিব অথবা ইমামে যাক সম্বোধন কৰিব।

প্ৰয়োজনত দুই খুতবাৰ মাজত কথা কোৱা বৈধ।

খুতবাৰ সময়ত যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম উচ্চাৰণ হয় তেন্তে তেতিয়া মনে মনে দৰূদ পাঠ কৰা উচিত, এইদৰে ইমামে দুআ কৰিলে সেই দুআত আমিন কোৱা উচিত।

সম্পাদক

ছহীহ বুখাৰী (2/ 13) (934).

ছহীহ মুছলিম (2/ 583) (851).

অধিক (10)

تيسير العلام شرح عمدة الأحكام.

للبسام (ص244).

تنبيه الأفهام.

للعثيمين (2/ 307).

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 195).

فتح الباري.

لابن حجر (2/ 409).

تاج العروس من جواهر القاموس.

لمحمّد الحسيني الزَّبيدي (39/ 463).