Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 103 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (52)
"বজাৰত বা ঘৰত অকলশৰীয়াকৈ পঢ়া নামাজৰ তুলনাত জামাতত আদায় কৰা নামাজৰ ছোৱাব বিছতকৈও অধিক গুণ বেছি। কিয়নো যেতিয়া তোমালোকৰ মাজৰ কোনোবাই উত্তমৰূপে অজু কৰি কেৱল নামাজ পঢ়াৰ উদ্দেশ্যে মছজিদলৈ যায়, যদি সি নামাজৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত ওলাই অহা নাই তেন্তে তাৰ প্ৰতিটো খোজতে এটাকৈ মৰ্যাদা বৃদ্ধি কৰা হয় আৰু প্ৰতিটো খোজৰ বিনিময়ত তাৰ এটাকৈ গুনাহ মাফ কৰি দিয়া হয়। অৱশেষত সি মছজিদত প্ৰৱেশ কৰে। মছজিদত প্ৰৱেশ কৰাৰ পিছৰে পৰা তাক নামাজত থকা বুলি গণ্য কৰা হয়, যেতিয়ালৈকে সি নামাজৰ কাৰণে তাত বহি থাকে। সি যিটো ঠাইত নামাজ পঢ়িছে সেই ঠাইত যিমান সময়লৈকে বহি থাকে, সিমান সময়লৈকে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰে। তেওঁলোকে কয়ঃ হে আল্লাহ! ইয়াৰ প্ৰতি ৰহম কৰা, ইয়াক ক্ষমা কৰা, হে আল্লাহ! তুমি ইয়াৰ তাওবা কবূল কৰা, (এইদৰে ফিৰিস্তাসকলে তাৰ বাবে দুআ কৰিয়ে থাকে) যেতিয়ালৈকে সি তাত কাকো কষ্ট নিদিয়ে অথবা যেতিয়ালৈকে তাৰ অজু ভংগ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ছামি আল্লাহু লিমান হামিদাহ বুলি কৈছিল, (তেতিয়া আমি সেই সময়ত উঠিছিলোঁ, যেতিয়া তেখেত উঠি থিয় দিছিল) আৰু আমি তেতিয়ালৈকে ছাজদাত যোৱা নাছিলোঁ যেতিয়ালৈকে তেখেতে ছাজদাহ কৰা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাতৰ বাবে তাকবীৰ দিছিল, তেতিয়া তেখেতে কিৰাআত পাঠ কৰাৰ আগত কিছু সময় মৌন হৈ থাকিছিল। মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! মোৰ পিতৃ-মাতৃ আপোনাৰ প্ৰতি কুৰবান হওক, তাকবীৰ আৰু কিৰাআতৰ মাজত যিখিনি সময় আপুনি মৌন হৈ থাকে, সেইখিনি সময়ত আপুনি কি পাঠ কৰে? তেখেতে ক'লেঃ "মই এইটো পাঠ কৰোঁঃ আল্লাহুম্মা বায়িদ বাইনি অবাইনা খাত্বা-য়ায়া কামা বা-আত্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব। আল্লাহুম্মা নাক্কিনি মিন খাত্বা-য়ায়া কামা য়ুনাক্কাছ ছাউবুল আবয়াজু মিনাদ দানাছ। আল্লাহুম্মাগ ছিলনি মিন খাত্বা-য়ায়া বিছ ছালজি অল মা-য়ি অলবাৰাদ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ ভৰিৰ খোজৰ শব্দ শুনিছোঁ। তেওঁ ক'লেঃ মই ইয়াতকৈ সন্তুষ্টিমূলক বেলেগ আন কোনো কাম কৰা নাই, সেইটো হৈছে এই যে, মই দিনে ৰাতি যেতিয়াই পৱিত্ৰতা অৰ্জন (অজু) কৰিছোঁ, তেতিয়াই সেইটোৰ দ্বাৰা তাক্বদীৰত লিখিত অনুসৰি মহান আল্লাহৰ তাওফীক অনুযায়ী নামাজ আদায় কৰিছোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
প্ৰতিজন প্ৰাপ্তবয়স্ক লোকৰ বাবে জুমুআৰ দিনা গোছল কৰা ওৱাজিব। লগতে মিছৱাক কৰা উচিত আৰু সুগন্ধি থাকিলে সেয়া ব্যৱহাৰ কৰা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত এজন লোকৰ কথা উল্লেখ কৰা হ'ল যে, সি ৰাতি শুৱে একেবাৰে ৰাতিপুৱা উঠে। তেখেতে ক'লেঃ "সেই ব্যক্তিৰ দুয়ো কাণত অথবা কৈছিল, তাৰ কাণত চয়তানে প্ৰস্ৰাৱ কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে মানৱজাতি! তোমালোকে ছালাম প্ৰচাৰ কৰা, মানুহক আহাৰ কৰোৱা আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা। ৰাতিত যেতিয়া সকলোৱে টোপনিত যায় তেতিয়া উঠি চালাত আদায় কৰা। (এনেকুৱা কৰিলে) সহজে জান্নাতত প্ৰৱেশ কৰিব পাৰিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)