Skip to content

মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।

ক্বায়েছ ইবনে আচিম ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ

মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।

أتيتُ النبيَّ صلى الله عليه وسلم أُريدُ الإسلامَ، فأَمَرَني أن أغتَسِلَ بماءٍ وسِدرٍ.

(আবু দাঊদ, তিৰমিজী, নাছায়ী)
ছহীহ
ব্যাখ্যা

হাদীছটোত কোৱা হৈছে যে, কায়েছ ইবনু আচিম ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অহাত তেখেতে তেওঁক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে বগৰী পাত ব্যৱহাৰ কৰা হৈছিল আৰু এইকাৰণেও ব্যৱহাৰ কৰা হৈছিল যাতে সুগন্ধি আহে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

অমুছলিম ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ সময়ত গোছল কৰাটো চৰীয়ত অনুমোদিত।

ইছলামে শৰীৰ আৰু অন্তৰ উভয়কে গুৰুত্ব দিয়ে।

পানীত বেলেগ কোনো বিশুদ্ধ পদাৰ্থ মিশ্ৰিত কৰিলে পানীৰ বিশুদ্ধতাত কোনো প্ৰভাৱ নপৰে।

বগৰী পাতৰ পৰিবৰ্তে আধুনিক ডিটাৰজেণ্ট আদি ব্যৱহাৰ কৰিব পাৰে, যেনে- চাবোন আদি।

সম্পাদক

ছুনান আবি দাঊদ (1/ 266) (355).

ছুনান তিৰমিজী (1/ 595) (605).

ছুনান নাছায়ী (1/ 109) (188).

অধিক (3)

معالم السنن (1/111).

ذخيرة العقبى (4/131).

شرح سنن أبي داود للعباد (54/ 10).