عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বৰ্ণনাকাৰী
মই এনেকুৱা এজন ব্যক্তি সম্পৰ্কে জানো, যাৰ ঘৰ মছজিদৰ পৰা আটাইতকৈ দূৰত আছিল। তথাপিও তেওঁ কেতিয়াও চালাতৰ জামাত এৰা নাছিল। উবাই ইবনু কাআবে কৈছেঃ তাক কোৱা হ'ল, অথবা মই তাক ক'লোঁ, (বৰ্ণনাকাৰী আবু উছমান আন নাহদীৰ সন্দেহ, দুটাৰ কোনটো কৈছিল সেইটো তেওঁৰ মনত নাই) তুমি যদি এটা গাধ কিনি লোৱা, তেন্তে ৰাতিৰ অন্ধকাৰত আৰু দিনত প্ৰখৰ ৰ'দৰ সময়ত আৰোহণ কৰি আহিব পাৰিবা (এইটো তোমাৰ কাৰণে ভাল হ'ব)। এই কথা শুনি তেওঁ ক'লেঃ মোৰ ঘৰ মছজিদৰ কাষত হওক এইটো মোৰ বাবে কোনো আনন্দৰ বিষয় নহয়। মই বিচাৰোঁ, মছজিদলৈ যোৱা মোৰ প্ৰতিটো খোঁজ আৰু মোৰ পৰিয়ালৰ ওচৰলৈ উভতি অহাৰ প্ৰতিটো খোঁজৰ বিনিময়ত আল্লাহে মোৰ আমলনামাত ছোৱাব লিপিবদ্ধ কৰক। তেওঁৰ এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে তোমাৰ বাবে সেই সকলো ছোৱাব একত্ৰিত কৰি ৰাখিছে।"
ছহীহ (মুছলিম)
হাওলা বিন্তে তুৱাইত ইবনে হাবীব ইবনে আছাদ ইবনে আব্দিল উজ্জা তেওঁৰ ওচৰত আছিল, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম অহাৰ লগে লগে তাই উঠি গুচি গ'ল। (তেওঁ কৈছে) মই ক'লোঁ: 'এইজনী হৈছে হাওলা বিন্তে তুৱাইত। তেওঁৰ বিষয়ে লোকসকলৰ ধাৰণা যে, তেওঁ ৰাতি নুশুৱে।' তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে: "তাই ৰাতি নুশুৱে? তোমালোকে নিজৰ সক্ষমতা অনুযায়ী ইবাদত কৰা। আল্লাহৰ শপত! আল্লাহ কেতিয়াও ক্লান্ত নহয়, অৱশেষত তোমালোকেই ক্লান্ত হ'বা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যেতিয়া বান্দা অসুস্থ হয় অথবা ভ্ৰমণত থাকে, তেতিয়া তাৰ বাবে সেই আমলৰ দৰেই (ছোৱাব) লিখা হয়, যিদৰে তেওঁ মুকীম অৱস্থাত সুস্থ শৰীৰে আমল কৰিছিল।
ছহীহ (বুখাৰী)
"তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল। সেই যাদুকৰজন বৃদ্ধ অৱস্থাত উপনীত হোৱাত, তেওঁ ৰজাক ক'লে যে, মই বৃদ্ধ বয়সত উপনীত হৈছোঁ, সেয়েহে কোনো এজন যুৱকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক, যাতে মই তাক যাদুবিদ্যা শিকাই থৈ যাব পাৰোঁ। এই কথা শুনি ৰজাই এজন যুৱকক তাৰ ওচৰত যাদুবিদ্যা শিকিবলৈ পঠিয়াব ধৰিলে।
যুৱকজনৰ যাত্ৰাপথত এজন ধৰ্মযাজক আছিল। যুৱকজনে যেতিয়া সেই পথেৰে গৈছিল, তেতিয়া সেই ধৰ্মযাজকজনৰ ওচৰত বহিছিল আৰু তেওঁৰ কথা শুনিছিল। যুৱকজনে তেওঁৰ কথা শুনি মুগ্ধ হ'ল। সেয়ে যুৱকজনে যেতিয়াই যাদুকৰৰ ওচৰলৈ গৈছিল, যোৱাৰ সময়ত সদায় সেই ধৰ্মযাজকৰ ওচৰত বহিছিল। (কিন্তু পলম হোৱাৰ কাৰণে) যেতিয়া যাদুকৰৰ ওচৰলৈ আহিছিল, যাদুকৰজনে যুৱকজনক প্ৰহাৰ কৰিছিল। যুৱকজনে এই বিষয়টো ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া তেওঁ তাক উপায় প্ৰদান কৰি ক’লে যে, যদি তুমি যাদুকৰক ভয় পোৱা, তেন্তে ক’বা যে, ঘৰৰ মানুহে আহিব দিয়া নাছিল। আনহাতে যদি তুমি পৰিয়ালৰ ফালৰ পৰা আশংকা অনুভৱ কৰা, তেন্তে ক’বা, যাদুকৰে পলমকৈ ছুটি দিছে।
এইদৰে চলি আছিল, এদিন হঠাৎ যুৱকজনে এটা ভয়ানক হিংস্ৰ প্ৰাণীৰ সন্মুখীন হ'ল, যিয়ে অহা যোৱা কৰা বাটৰুৱাৰ পথ অৱৰোধ কৰি ৰাখিছিল। এই অৱস্থা দেখি, সি মনে মনে ভাবিলে যে, আজিয়ে প্ৰমাণিত হ'ব, কোন উত্তম, যাদুকৰ নে ধৰ্মযাজক? ইয়াৰ পিছত যুৱকজনে এটা শিল হাতত লৈ ক’লে, হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজন যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয়, তেন্তে এই শিলৰ আঘাতত এই হিংস্ৰ প্ৰাণীটোক হত্যা কৰি পেলোৱা, যাতে মানুহে চলাচল কৰিব পাৰে। তাৰ পিছত সি সেই প্ৰাণীটোৰ ফালে লক্ষ্য কৰি সেই শিলটো নিক্ষেপ কৰিলে আৰু প্ৰাণীটো নিহত হ'ল। ফলত, মানুহে পুনৰ যাতায়াত আৰম্ভ কৰিলে।
ইয়াৰ পিছত সেই যুৱকজনে ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ ঘটনা বিৱৰি ক’লে। তেতিয়া ধৰ্মযাজকজনে ক’লে, হে মোৰ প্ৰিয় শিষ্য! আজিৰ পৰা তুমি মোতকৈও শ্রেষ্ঠ। তোমাৰ মর্যাদা ইমান উচ্চ পৰ্যায়লৈ উপনীত হৈছে যে, তুমি শীঘ্ৰেই পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা, তেন্তে মোৰ কথা গোপন ৰাখিবা।
ইপিনে যুৱকজনে আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠৰোগীসকলক আৰোগ্য প্ৰদান কৰিবলৈ ধৰিলে আৰু মানুহৰ বিভিন্ন বেমাৰ-আজাৰ নিৰাময় কৰিবলৈ ধৰিলে। ৰজাৰ পৰিষদবৰ্গৰ এজন ব্যক্তি অন্ধ হৈ পৰিছিল। তেওঁ এই সংবাদ শুনাৰ পিছত বহুতো উপহাৰ আৰু দান-দক্ষিণা লৈ যুৱকজনৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক’লে, তুমি যদি মোক আৰোগ্য প্ৰদান কৰিব পাৰা, তেন্তে এই সকলো সম্পদ তোমাক প্ৰদান কৰিম। এই কথা শুনি যুৱকজনে উত্তৰ দিলে যে, মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ, আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰিব পাৰে। তুমি যদি আল্লাহৰ ওপৰত ঈমান পোষণ কৰা, তেন্তে মই আল্লাহৰ ওচৰত দু’আ কৰিম, তেওঁ তোমাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওপৰত ঈমান আনিলে, ফলত আল্লাহে তেওঁক আৰোগ্য প্ৰদান কৰিলে।
তাৰ পিছত, সেই ব্যক্তি গৰাকী অন্যান্য দিনৰ দৰে এদিন ৰজাৰ বৈঠকত আহি বহিল। ৰজাই তেওঁক প্ৰশ্ন কৰিলে যে, কোনে তোমাক তোমাৰ দৃষ্টিশক্তি ওভোতাই দিলে? তেওঁ ক'লে, মোৰ প্ৰতিপালকে। এই উত্তৰ শুনি ৰজাই পুনৰ প্ৰশ্ন কৰিলে। মোৰ বাহিৰে তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ উত্তৰ দিলে, মোৰ আৰু আপোনাৰ তথা সকলোৰে প্ৰতিপালক (ৰব্ব) হৈছে মহান আল্লাহ। এই উত্তৰ শুনি, ৰজাই তেওঁক বন্দী কৰি অবিৰাম শাস্তিৰ নিৰ্দেশ দিলে। অৱশেষত তেওঁ সেই যুৱকজনৰ বিষয়ে ৰজাক জনাই দিলে, আৰু তাৰ পিছত সেই যুৱকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল।
ৰজাই যুৱকজনক সুধিলে, হে বালক! তোমাৰ যাদু এতিয়াই ইমান পৰ্যায়লৈ উপনীত হৈছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য প্ৰদান কৰিব পাৰা! যুৱকজনে ক'লে, মই কাকো আৰোগ্য দান কৰিব নোৱাৰোঁ। আৰোগ্য প্ৰদান কৰে কেৱল আল্লাহে। এই উত্তৰ শুনি, ৰজাই তাক কঠোৰ শাস্তি দিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি, যুৱকজনে অৱশেষত ধৰ্মযাজকৰ কথা ৰজাক জনাই দিলে। তাৰ পিছত, ধৰ্মযাজকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল আৰু তেওঁক কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এটা কৰত আনিবলৈ নিৰ্দেশ দিলে আৰু সেইটো তেওঁৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ দুফাল কৰি পেলালে।
ইয়াৰ পিছত, সেই যুৱকজনকো উপস্থিত কৰা হ’ল, আৰু তাকো কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। সি অস্বীকাৰ কৰিলে। ফলত ৰজাই কেইজনমান লোকক নিৰ্দেশ দিলে যে, ইয়াক অমুক পৰ্বতলৈ লৈ যোৱা, আৰু ইয়াকলৈ সেই পৰ্বতৰ শৃংগত আৰোহণ কৰি ইয়াৰ পৰা স্বীকাৰোক্তি লোৱা, যদি ই নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে ভাল, নহ’লে ইয়াক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিবা। ইয়াৰ পিছত সিহঁতে তেওঁক লৈ সেই পৰ্বতত আৰোহণ কৰিলে। তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যিদৰে ইচ্ছা, সেইদৰে মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত পৰ্বত কঁপিবলৈ ধৰিলে, ফলত সিহঁত পাহাৰৰ পৰা তললৈ লুটি খাই পৰি গ’ল, আৰু যুৱকজন ৰক্ষা পৰিল। ইয়াৰ পিছত যুৱকজন পুনৰ ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল।
ৰজাই তাক দেখি আশ্চৰ্য হৈ প্ৰশ্ন কৰিলে, তোমাৰ লগৰ বিলাক ক’ত? তেওঁ ক'লে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে।
ইয়াৰ পিছত ৰজাই আকৌ তেওঁৰ কিছুমান সহচৰৰ হাতত সেই যুৱকজনক সমৰ্পণ কৰি ক’লে, তোমালোকে ইয়াক নাৱত উঠাই সাগৰৰ মাজত লৈ যোৱা। তাৰ পিছতো যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে তোমালোকে ইয়াক সাগৰত নিক্ষেপ কৰিবা। সিহঁতে যুৱকজনক লগতলৈ সাগৰত গ’ল। যুৱকজনে পুনৰ আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা, তেনেকৈ মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত নাও ওলটি গ’ল। ফলত সিহঁত পানীত ডুবি মৰিল, আৰু যুৱকজন সিহঁতৰ পৰা ৰক্ষা পাই ৰজাৰ ওচৰলৈ উভতি আহিল।
ৰজাই আচৰিত হৈ তেওঁক সুধিলে, তোমাৰ সহচৰসকল ক’ত? যুৱকজনে উত্তৰ দিলে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে।
তাৰ পিছত যুৱকজনে ৰজাক ক’লে যে, আপুনি মোক হত্যা কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মই দিয়া পদ্ধতি অনুসৰণ নকৰিব।
ৰজাই সুধিলে, সেইটো আকৌ কি পদ্ধতি?
যুৱকজনে ক’লে, এটা বৃহৎ ময়দানত আপুনি সকলো মানুহকে একত্ৰিত কৰক। তাৰ পিছত এটা কাঠৰ শূলত মোক ওলোমাই ৰাখক, আৰু মোৰ কাঁড় বাকচৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি উচ্চস্বৰে এইটো পাঠ কৰিব بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ")। যদি আপুনি এইটো পদ্ধতি অনুসৰণ কৰে, তেন্তে আপুনি মোক হত্যা কৰিব পাৰিব।
ৰজাই যুৱকৰ কথা অনুসৰি সকলো মানুহকে একত্ৰিত কৰিলে আৰু তেওঁক কাঠৰ শূলত উঠাই দিলে। তাৰ পিছত যুৱকজনৰ কাঁড় বাকচৰ পৰা এটা কাঁড় লৈ ধেনুৰ মাজত ৰাখিলে আৰু উচ্চস্বৰে بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ") বুলি কৈ কাঁড় নিক্ষেপ কৰিলে। ফলত কাঁড়টো যুৱকজনৰ কাণৰ তলৰ অংশত গৈ লাগিল। যুৱকজনে কাঁড়বিদ্ধ স্থানত নিজৰ হাত ৰখাৰ লগে লগে মৃত্যুবৰণ কৰিলে।
এই দৃশ্য দেখি, উপস্থিত সকলো মানুহে একেলগে চিঞৰি উঠিল, آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ ("আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")।
এই দৃশ্য দেখি ৰজাৰ অনুগামীসকলে ৰজাক আহি জনালে যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে সত্যত পৰিণত হৈছে। সমগ্ৰ ৰাজ্যৰ মানুহে যুৱকজনৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছে।
তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। গাঁতসমূহ খনন কৰা হ’ল আৰু তাত অগ্নি প্রজ্বলিত কৰা হ’ল। ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। অথবা ৰজাই কৈছিল যে, সেই ব্যক্তি যেন নিজেই অগ্নিত জাঁপ মাৰে। লোকসকলে সেইটোৱে কৰিলে, অৰ্থাৎ নিজে নিজে জঁপিয়ালে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
ছহীহ (মুছলিম)
"মানুহৰ প্ৰতিটো গাঁঠিৰ বিপৰীতে চাদাক্বাহ আছে। সূৰ্য্য উদয় হোৱা প্ৰতিটো দিনতে দুজন লোকৰ মাজত সুবিচাৰ কৰাটোও হৈছে চাদাক্বাহ। কাৰোবাক বাহনত আৰোহণ কৰিবলৈ সহায় কৰা অথবা বয়-বস্তু উঠাই দিয়াটোও হৈছে চাদাক্বাহ। উত্তম কথা কোৱাটোও হৈছে চাদাক্বাহ। নামাজৰ বাবে দিয়া প্ৰতিটো খোজ হৈছে চাদাক্বাহ। পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু তালিবৰ মৃত্যুৰ সময়ত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ ওচৰত উপস্থিত আছিল আবু জাহল, আব্দুল্লাহ বিন আবি উমায়্যাহ ইবনুল মুগীৰাহ। ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "হে মোৰ খুৰা! লা ইলা-হা ইল্লাল্লাহ কলিমাটো এবাৰ স্বীকাৰ কৰক, যাতে মই আল্লাহৰ ওচৰত আপোনাৰ হৈ মাত মাতিব পাৰোঁ।" তেতিয়া আবু জাহল আৰু আব্দুল্লাহ বিন আবি উমায়্যাই ক'লেঃ তুমি আব্দুল মুত্তালিবৰ ধৰ্মৰ পৰা আঁতৰি যাবা নেকি, ইপিনে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে তেওঁক এই স্বীকৃতিৰ পিনে আহ্বান কৰি আছিল। আনহাতে সিহঁত দুজনেও সিহঁতৰ কথা বাৰে বাৰে কৈ আছিল। কিন্তু অৱশেষত আবু তালিবে যিটো কথা কৈছিল সেইটো আছিল এই যে, মই আব্দুল মুত্তালিবৰ ধৰ্মতে আছোঁ। ফলত তেওঁ লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ নকৰিলে। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "আল্লাহৰ শপত! মই আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিয়ে থাকিম, যেতিয়ালৈকে মোক নিষেধ কৰা নহ'ব।" ইয়াৰ পিছত আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ
{مَا كَانَ لِلنَّبِیِّ وَالَّذِیْنَ اٰمَنُوْۤا اَنْ یَّسْتَغْفِرُوْا لِلْمُشْرِكِیْنَ وَلَوْ كَانُوْۤا اُولِیْ قُرْبٰی مِنْ بَعْدِ مَا تَبَیَّنَ لَهُمْ اَنَّهُمْ اَصْحٰبُ الْجَحِیْمِ ۟} [التوبة: 113]
নবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী। (ছুৰা আত-তাওবাহঃ ১১৩)
লগতে আবু তালিব সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি মহান আল্লাহে কৈছেঃ
اِنَّكَ لَا تَهْدِیْ مَنْ اَحْبَبْتَ وَلٰكِنَّ اللّٰهَ یَهْدِیْ مَنْ یَّشَآءُ ۚ— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
নিশ্চয় তুমি যাক ভালপোৱা ইচ্ছা কৰিলেই তাক সৎপথত আনিব নোৱাৰিবা। বৰং আল্লাহে যাক ইচ্ছা কৰে তাকহে সৎপথ দেখুৱায় আৰু সৎপথ অনুসাৰীসকলৰ বিষয়ে তেৱেঁই ভালকৈ জানে। (ছুৰা আল-কাচাচঃ ৫৬)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভ্ৰমণত আছিলোঁ। তেখেতে প্ৰাকৃতিক প্ৰয়োজন পূৰণ কৰিবলৈ বেলেগ ঠাইলৈ গ’ল। সেই সময়তে আমি এটা ৰঙা চৰাই (হুম্মাৰা) আৰু তাৰ দুটা পোৱালি দেখিলোঁ। আমি তাইৰ পোৱালি দুটা ধৰি আনিলোঁ। চৰাইজনী পিছে পিছে আহি পাখি মেলি পোৱালিৰ বাবে অস্থিৰতা প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক’লে: “কোনে ইয়াৰ পোৱালি আনি ইয়াক অস্থিৰতাত পেলাইছে? ইয়াৰ পোৱালিবোৰ ইয়াক ওভোতাই দিয়া!” ইয়াৰ পিছত তেখেতে এটা পৰুৱাৰ ঘৰ দেখা পালে যিটোক আমি জ্বলাই দিছিলোঁ। তেখেতে ক’লে: “এইটো কোনে জ্বলাইছে?” আমি উত্তৰত ক’লোঁ: “আমি।” তেতিয়া তেখেতে ক’লে: “অগ্নিৰ প্ৰতিপালক (আল্লাহ)ৰ বাহিৰে, অগ্নিৰ দ্বাৰা শাস্তি দিয়াৰ অধিকাৰ কাৰো নাই।”
ছহীহ (আবু দাঊদ)