যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে?
ক্বাতাদাহ ৰাহিমাহুল্লাহে কৈছেঃ
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
حَدَّثَنَا أَنَسُ بْنُ مَالِكٍ رَضِيَ اللهُ عَنْهُ أَنَّ رَجُلًا قَالَ: يَا نَبِيَّ اللهِ كَيْفَ يُحْشَرُ الْكَافِرُ عَلَى وَجْهِهِ؟ قَالَ: «أَلَيْسَ الَّذِي أَمْشَاهُ عَلَى الرِّجْلَيْنِ فِي الدُّنْيَا قَادِرًا عَلَى أَنْ يُمْشِيَهُ عَلَى وَجْهِهِ يَوْمَ الْقِيَامَةِ؟» قَالَ قَتَادَةُ: بَلَى وَعِزَّةِ رَبِّنَا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'লঃ কেনেকৈ কাফিৰসকলক কিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যি সত্ত্বাই পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? নিশ্চয় আল্লাহ সকলো বিষয়তে ক্ষমাতাৱান।
...:
ক্বিয়ামতৰ দিনা কাফিৰসকল অপমান অপদস্থ হ'ব আৰু সিহঁতে মুখৰ ওপৰত ভৰ কৰি খোঁজকাঢ়িব।
ছহীহ বুখাৰী (8/ 109) (6523).
ছহীহ মুছলিম (4/ 2161) (2806).
অধিক (4)
الإفصاح عن معاني الصحاح (5/200).
فتح الباري (11/382).
عمدة القاري شرح صحيح البخاري (23/ 105).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (43/ 454).