Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 72 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
“নিশ্চয় মহান আল্লাহে আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে, আৰু মুমিনেও আত্মমৰ্যাদাবোধ প্ৰকাশ কৰে। আল্লাহৰ আত্মমৰ্যাদাত তেতিয়া আঘাত হয়, যেতিয়া কোনো মুমিন ব্যক্তিয়ে হাৰাম কামত লিপ্ত হয়।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কিছুমান চাহাবাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি সুধিলেঃ (হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।"
ছহীহ (মুছলিম)
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তোমালোকে মোৰ প্ৰশংসাত সীমালংঘন নকৰিবা, যিদৰে খৃষ্টানসকলে ঈছা ইবনে মৰিয়ম সম্পৰ্কে সীমালংঘন কৰিছিল। মই হৈছোঁ আল্লাহৰ বান্দা। গতিকে তোমালোকে মোক আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল বুলিহে কোৱা।
ছহীহ (বুখাৰী)
আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে আমাক হাদীছ বৰ্ণনা কৰিছে যে, এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ নবী! ক্বিয়ামতৰ দিনা কেনেকৈ কাফিৰসকলক মুখৰ ওপৰত ভৰ কৰোৱাই একত্ৰিত কৰা হ'ব? তেখেতে ক'লেঃ যিয়ে পৃথিৱীত তাক দুই ভৰিৰে খোঁজকঢ়াব পাৰিছে, তেওঁ তাক ক্বিয়ামতৰ দিনা মুখৰ ওপৰত ভৰ কৰোৱাই খোঁজকঢ়াব নোৱাৰিবনে? (এই হাদীছ বৰ্ণনাৰ পিছত) ক্বাতাদাই কৈছেঃ নিশ্চয় পাৰিব, আমাৰ প্ৰতিপালকৰ সন্মানৰ শপত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ "মহান আল্লাহে কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক আহ্বান কৰিবা তথা মোৰ প্ৰতি আশা ৰাখিবা, তেতিয়াই মই তোমাক ক্ষমা কৰি দিম, তোমাৰ অৱস্থা যিটোৱে নহওক কিয়, সেইটোৰ প্ৰতি মই ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তোমাৰ গুনাহ যদি আকাশলংঘী হয়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা তেন্তে মই তোমাক ক্ষমা কৰি দিম। মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি পৃথিৱীৰ সমান গুনাহ লৈ মোৰ ওচৰত এনেকুৱা অৱস্থাত উপস্থিত হোৱা যে, তুমি মোৰ সৈতে কাকো অংশীদাৰ স্থাপন কৰা নাই তেন্তে মই তোমাক সেই পৃথিৱীৰ সমানেই ক্ষমা দান কৰিম।"
হাছান (তিৰমিজী)
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! (জান্নাত আৰু জাহান্নামক) অনিবাৰ্য কৰিব পৰা বিষয় দুটা কি? তেখেতে ক'লেঃ "যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।"
ছহীহ (মুছলিম)
"সীমালংঘনকাৰীসকল ধ্বংস হওক।" এই কথাষাৰ তেখেতে তিনিবাৰ কৈছে।
ছহীহ (মুছলিম)