Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 21 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া কোৱা হ'বঃ আপুনি জানেনে আপোনাৰ পিছত সিহঁতে কি কি কৰিছে? আল্লাহৰ শপত! ইহঁত দ্বীনৰ পৰা সদায় পশ্চাদমুখী হৈছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ ভৰিৰ খোজৰ শব্দ শুনিছোঁ। তেওঁ ক'লেঃ মই ইয়াতকৈ সন্তুষ্টিমূলক বেলেগ আন কোনো কাম কৰা নাই, সেইটো হৈছে এই যে, মই দিনে ৰাতি যেতিয়াই পৱিত্ৰতা অৰ্জন (অজু) কৰিছোঁ, তেতিয়াই সেইটোৰ দ্বাৰা তাক্বদীৰত লিখিত অনুসৰি মহান আল্লাহৰ তাওফীক অনুযায়ী নামাজ আদায় কৰিছোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতৰ এশটা স্তৰ আছে, প্ৰতিটো স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশ আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। ফিৰদাউছ হৈছে ইয়াৰ সৰ্বোচ্চ স্তৰ। ইয়াৰ পৰাই জান্নাতৰ চাৰিটা নদী প্ৰবাহিত হয়। ইয়াৰ ওপৰতে আৰচ অৱস্থিত। এতেকে তোমালোকে যেতিয়া আল্লাহৰ ওচৰত জান্নাত প্ৰাৰ্থনা কৰিবা, তেতিয়া ফিৰদাউচ বিচাৰিবা।"
ছহীহ (তিৰমিজী)
"কিয়ামতৰ দিনা সৰ্বপ্ৰথম মানুহৰ মাজত সিহঁতৰ ৰক্তপাত সম্পৰ্কে বিচাৰ ফয়চালা কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে মুমিন বান্দাসকলৰ প্ৰতি এটা ছোৱাবকলৈও অন্যায় নকৰিব। বৰং তেওঁ ইয়াৰ বিনিময় পৃথিৱীতো দান কৰিব আৰু আখিৰাততো প্ৰদান কৰিব। আনহাতে কাফিৰ ব্যক্তিয়ে পাৰ্থিৱ জীৱনত যি সৎকৰ্ম কৰে তাৰ প্ৰতিদান স্বৰূপে আল্লাহে তাক জীৱিকা প্ৰদান কৰে। ফলত আখিৰাতত তাক প্ৰতিদান দিব পৰা তাৰ ওচৰত কোনো সৎকৰ্মই অৱশিষ্ট নাথাকে।
ছহীহ (মুছলিম)
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
ছহীহ (তিৰমিজী, আহমদ)
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
ছহীহ (মুছলিম)
"জান্নাতত সৰ্বপ্ৰথম যিটো দল প্ৰৱেশ কৰিব, তেওঁলোকৰ মুখমণ্ডল হ'ব পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰৰ দৰেই উজ্জ্বল। ইয়াৰ পিছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ মুখমণ্ডল হ'ব আকাশৰ সৰ্বাধিক দীপ্তিমান উজ্জ্বল তৰাৰ দৰে। তেওঁলোকে তাত প্ৰস্ৰাৱো নকৰিব আৰু পায়খানাও নকৰিব। তেওঁলোকে থু খেঁকাৰো নেপেলাব আৰু নাকৰ পৰা ময়লা পৰিষ্কাৰ কৰাৰো প্ৰয়োজন নহ'ব। তেওঁলোকৰ ফণি হ'ব সোণেৰে নিৰ্মিত। তেওঁলোকৰ ঘাম হ'ব মিস্কৰ দৰে সুগন্ধিযুক্ত। তেওঁলোকৰ ধূপদানীত ব্যৱহাৰ কৰা হ'ব চন্দন কাঠৰ খৰি। ডাঙৰ চকুবিশিষ্টা হূৰসকলৰ হ'ব তেওঁলোকৰ স্ত্ৰী। তাত তেওঁলোকৰ আকৃতি হ'ব একেই ধৰণৰ। সকলোৰে আকৃতি হ'ব তেওঁলোকৰ আদি পিতা আদমৰ দৰে। উচ্চতাত তেওঁলোকৰ দৈৰ্ঘ্য হ'ব ষাঠি হাত।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})