আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
كُنَّا عِنْدَ عُمَرَ فَقَالَ: «نُهِينَا عَنِ التَّكَلُّفِ».
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক এনেকুৱা কোনো কাম কৰিবলৈ তথা এনেকুৱা কোনো কথা ক'বলৈ নিষেধ কৰিছে, যাৰ বাবে অপ্ৰয়োজনীভাৱে কষ্ট কৰিব লাগে।
...:
এই হাদীছটোত যি তাকাল্লুফৰ পৰা নিষেধ কৰা হৈছে, সেইটো হৈছে যেনে- অধিক প্ৰশ্ন কৰা, অথবা এনেকুৱা কোনো কাম কৰা যিটোৰ বিষয়ে কোনো জ্ঞান নাই, অথবা কোনো কামক এনেকৈ কঠিন বনাই লোৱা,য'ত আল্লাহে প্ৰশস্ততা ৰাখিছে।
প্ৰতিজন মুছলিমে নিজৰ মাজত উদাৰতা ৰাখিব লাগে, লগতে খোৱা-বোৱা, কথা-বতৰা আৰু অন্যান্য বিষয়ত অনাৱশ্যক কষ্টৰ পৰা বিৰত থাকিব লাগে।
ইছলাম হৈছে এটা সৰল তথা সহজ ধৰ্ম।
ছহীহ বুখাৰী (9/ 95) (7293).
অধিক (10)
نزهة المتقين.
لمصطفى الخن وغيره (2/ 1136).
شرح رياض الصالحين.
لابن عثيمين (6/ 391).
فتح الباري شرح صحيح البخاري.
لابن حجر (13/ 270).
النهاية في غريب الحديث والأثر.
لابن الأثير (4/ 196).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص930).