নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।
كَانَ النَّبِيُّ صَلَّى اللهُ عَليهِ وَسَلَّمَ لا يَعْرِفُ فَصْلَ السُّورةِ حَتَّى تَنْزِلَ عَليْهِ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ}.
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া কোৰআনৰ ছুৰাসমূহ অৱতীৰ্ণ হৈছিল তেতিয়া তেখেতে সেইবোৰৰ মাজত সেইসময়লৈকে কোনো পাৰ্থক্য কৰিব পৰা নাছিল যেতিয়ালৈকে দুটা ছুৰাক পৃথক কৰিবলৈ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ হোৱা নাছিল। বিছমিল্লাহ অৱতীৰ্ণ হোৱাৰ পাছতহে গম পাইছিল উক্ত ছুৰা শেষ, এতিয়া নতুন ছুৰা আৰম্ভ।
...:
বিছমিল্লাহক দুটা ছুৰাৰ মাজত ব্যৱধান ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে। কেৱল ছুৰা আনফাল আৰু তাওবাৰ বাহিৰে।
ছুনান আবি দাঊদ (2/ 91) (788).
অধিক (3)
شرح سنن أبي داود للعباد (102/ 15).
التنوير شرح الجامع الصغير (8/503).
عون المعبود (2/353).