Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।

تَوَضَّأَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَرَّةً مَرَّةً.

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ এবাৰ এবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক এবাৰ এবাৰকৈ ধুইছিল। এইটো হৈছে ওৱাজিব পৰিমাণ।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

অজুৰ অংগবোৰ নূন্যতম এবাৰকৈ ধোৱা ওৱাজিব। ইয়াতকৈ অধিক ধোৱাটো মুস্তাহাব।

কেতিয়াবা কেতিয়াবা এবাৰ এবাৰকৈও ধুব পাৰি।

মূৰ মছেহ কৰাটো এবাৰেই যথেষ্ট।

সম্পাদক

ছহীহ বুখাৰী (1/ 43) (157).

অধিক (1)

إرشاد الساري لشرح صحيح البخاري (1/ 244).