Skip to content

চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

চল্লিশ বছৰ বয়সত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত (প্ৰথম) অহী অৱতীৰ্ণ হৈছে। ইয়াৰ পিছত তেখেত মক্কাত ১৩ বছৰ অৱস্থান কৰিছে, তাৰ পিছত তেখেতক হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ফলত তেখেত মদীনালৈ হিজৰত কৰিছে আৰু তাত ১০ বছৰ অৱস্থান কৰাৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হৈছে।

أُنْزِلَ عَلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَهُوَ ابْنُ أَرْبَعِينَ، فَمَكَثَ بِمَكَّةَ ثَلَاثَ عَشْرَةَ سَنَةً، ثُمَّ أُمِرَ بِالْهِجْرَةِ، فَهَاجَرَ إِلَى الْمَدِينَةِ، فَمَكَثَ بِهَا عَشْرَ سِنِينَ، ثُمَّ تُوُفِّيَ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া প্ৰথম অহী অৱতীৰ্ণ হৈছে তথা তেখেতক যেতিয়া নুবুওৱত প্ৰদান কৰা হৈছে তেতিয়া তেখেতৰ বয়স আছিল চল্লিশ বছৰ। অহী লাভ কৰাৰ পিছত তেখেতে মক্কাত ১৩ বছৰ অৱস্থান কৰিছিল। ইয়াৰ পিছত তেখেতক মদীনালৈ হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াত আহি তেখেতে ১০ বছৰ সময় অৱস্থান কৰাৰ পিছত ৬৩ বছৰ বয়সত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হয়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা বুজা যায় যে, চাহাবাসকল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জীৱনী সম্পৰ্কে খুবেই আগ্ৰহী আছিল।

সম্পাদক

ছহীহ বুখাৰী (5/ 45) (3851).

ছহীহ মুছলিম (4/ 1826) (2351).

অধিক (1)

عمدة القاري شرح صحيح البخاري (16/ 303).