Skip to content

পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"

«مَثَلُ الْمُؤْمِنِينَ فِي تَوَادِّهِمْ وَتَرَاحُمِهِمْ وَتَعَاطُفِهِمْ مَثَلُ الْجَسَدِ، إِذَا اشْتَكَى مِنْهُ عُضْوٌ تَدَاعَى لَهُ سَائِرُ الْجَسَدِ بِالسَّهَرِ وَالْحُمَّى».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দয়াদ্ৰতা, সহমৰ্মিতা, সহায়-সহযোগিতা, ক্ষয়-ক্ষতি আদিৰ ক্ষেত্ৰত মুছলিমসকলৰ অৱস্থা এটা শৰীৰৰ নিচিনা হোৱা উচিত। যিদৰে শৰীৰৰ এটা অংগ অসুস্থ হ'লে গোটেই শৰীৰে বিষ অনুভৱ কৰে তথা জ্বৰত কম্পমান হৈ অনিদ্ৰাত ৰাতি কটায়।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মুছলিমসকলৰ অধিকাৰ সুৰক্ষিত কৰা উচিত। লগতে হাদীছটোত তেওঁলোকক সহায়-সহযোগিতা কৰিবলৈ, ইজনে সিজনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছে।

মুমিনসকলৰ মাজত মুহাব্বত আৰু সহায়-সহযোগিতাৰ শিষ্টাচাৰ থকা উচিত।

সম্পাদক

ছহীহ বুখাৰী (8/ 10) (6011).

ছহীহ মুছলিম (4/ 1999) (2586).

অধিক (9)

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 246).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 317).

كنوز رياض الصالحين.

مجموعة من الباحثين (4/ 405).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص173).

المعجم الوسيط (1/ 492).