আল্লাহে নিৰ্ধাৰণ কৰা দণ্ডবিধিৰ বাহিৰে, বেলেগ কোনো ক্ষেত্ৰতে দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়।
আবু বুৰদা আল-আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
"আল্লাহে নিৰ্ধাৰণ কৰা দণ্ডবিধিৰ বাহিৰে, বেলেগ কোনো ক্ষেত্ৰতে দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়।"
«لَا يُجْلَدُ أَحَدٌ فَوْقَ عَشَرَةِ أَسْوَاطٍ إِلَّا فِي حَدٍّ مِنْ حُدُودِ اللهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কাৰোবাক দহটাতকৈ অধিক বেত্ৰাঘাত কৰিবলৈ নিষেধ কৰিছে, কেৱল গুনাহৰ বাহিৰে। চৰীয়তে বিভিন্ন সীমালংঘনৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট বেত্ৰাঘাত বা নিৰ্দিষ্ট শাস্তি ইয়াৰ অন্তৰ্ভুক্ত নহয়। ইয়াত বুজোৱা হৈছে যে, শাসনমূলক শাস্তিৰ ক্ষেত্ৰত দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়। যেনে- স্ত্ৰী বা সন্তান-সন্ততিক দিয়া শাসনমূলক শাস্তি।
মহান আল্লাহে যিবোৰ কৰাৰ নিৰ্দেশ দিছে অথবা যিটোৰ পৰা তেওঁ নিষেধ কৰিছে, সেইবোৰ সীমাৰেখা উলংঘা কৰিলে শাস্তি বিহা হয়, যাতে এনেকুৱা কৰ্মৰ পৰা বিৰত ৰখা যায়। এই শাস্তিবোৰ হয়তো চৰীয়তে পূৰ্বেই নিৰ্ধাৰণ কৰিছে, নাইবা শাসকে বিধি অনুযায়ী কল্যাণৰ স্বাৰ্থত নিজৰ ফালৰ পৰা নিৰ্ধাৰণ কৰে।
শাসনমূলক শাস্তি লঘু হোৱা উচিত, কেৱল দিশ-নিৰ্দেশনা আৰু ভয়-ভাবুকি দিবলৈ যিমানখিনি প্ৰয়োজন সেইখিনি দিব লাগে। যদি সঁচাই প্ৰয়োজন হয় তেন্তে দহটা বেত্ৰাঘাততকৈ বেছি দিব নালাগে। বৰং উত্তম এইটোৱে যে, মাৰপিট নকৰাকৈয়ে শাসন কৰিব লাগে, পথ-প্ৰদৰ্শন, শিক্ষা দীক্ষা, দিশ-নিৰ্দেশনা আৰু অভিৰোচন, অনুপ্ৰেৰণাৰ দ্বাৰা শাসন কৰিব লাগে। কিয়নো কোমলতাই স্বীকাৰ কৰিবলৈ অধিক প্ৰভাৱিত কৰে। এই ক্ষেত্ৰত পৰিস্থিতি বিভিন্ন ধৰণৰ থাকে। গতিকে সেইটোৱে কৰিব লাগে যিটো বেছি উপকাৰী।
ছহীহ বুখাৰী (8/ 174) (6850).
ছহীহ মুছলিম (3/ 1332) (1708).
অধিক (4)
تيسير العلام شرح عمدة الأحكام.
للبسام (ص677).
توضيح الأحكام مِن بلوغ المرام.
لعبد الله البسام (5/ 465).