Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"মই তোমালোকক ৰোজা, নামাজ আৰু দান-খয়ৰাততকৈও অধিক উত্তম আমলৰ বিষয়ে অৱগত নকৰিমনে?" তেওঁলোকে ক'লেঃ হয় নিশ্চয় জনাওক। তেখেতে ক'লেঃ "পৰস্পৰৰ মাজত মীমাংসা কৰা, কাৰণ পৰস্পৰৰ মাজত কাজিয়া লগোৱাটো হৈছে ধ্বংসৰ কাৰণ।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
সেই ব্যক্তি আত্মীয়তাৰ বন্ধন ৰক্ষাকাৰী নহয়, যিয়ে ইয়াৰ বিনিময়ত প্ৰতিদান বিচাৰে, বৰং আত্মীয়তাৰ অধিকাৰ ৰক্ষাকাৰী হৈছে সেই ব্যক্তি, যিয়ে আত্মীয়তাৰ সম্পর্ক ছিন্ন হোৱাৰ পিছতো আত্মীয়তা বজাই ৰাখে।
ছহীহ (বুখাৰী)
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)
"তোমাৰ ভাতৃক সহায় কৰা, সি যালিম হওক বা মাজলুম। এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি সি মাজলুম তথা নিৰ্যাতিত হয় তেন্তে তাক সহায় কৰাটো মোৰ কৰ্তব্য (এইটো বুজি পালোঁ। কিন্তু যালিম বা অন্যায়কাৰীক কিদৰে সহায় কৰিম? তেখেতে ক'লেঃ "তাক অন্যায়ৰ পৰা বিৰত ৰাখিবা - অথবা তাক বাধা প্ৰদান কৰিবা। এইটোৱে হৈছে তাক সহায় কৰা।"
ছহীহ (বুখাৰী)