Skip to content

কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"কিয়ামতৰ দিনা আটাইতকৈ লঘু শাস্তি হ'ব সেই ব্যক্তিৰ, যাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব, যাৰ ফলত তাৰ মগজু গলি পৰিব। সি ধাৰণা কৰিব যে, আটাইতকৈ কঠিন শাস্তি তাকেই প্ৰদান কৰা হৈছে। অথচ তাক আটাইতকৈ লঘু শাস্তি প্ৰদান কৰা হৈছে।"

«إِنَّ أَهْوَنَ أَهْلِ النَّارِ عَذَابًا مَنْ لَهُ نَعْلَانِ وَشِرَاكَانِ مِنْ نَارٍ، يَغْلِي مِنْهُمَا دِمَاغُهُ كَمَا يَغْلِ الْمِرْجَلُ، مَا يَرَى أَنَّ أَحَدًا أَشَدُّ مِنْهُ عَذَابًا، وَإِنَّهُ لَأَهْوَنُهُمْ عَذَابًا».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা যিজন ব্যক্তিক আটাতকৈ লঘু শাস্তি বিহা হ'ব, তাক জুইৰ জোতা পৰিধান কৰোৱা হ'ব। যাৰ ফলত তাৰ মগজু গলি পৰিব, যিদৰে তাম গৰম কৰিলে উতলি উঠে। সি ধাৰণা কৰিব যে, ইয়াতকৈ কঠিন শাস্তি আন কাকো দিয়া নহ'ব। অথচ এইটো হৈছে আটাইতকৈ সহজ শাস্তি। এইটো এইকাৰণে যে, তাক শাৰীৰিক আৰু মানসিক উভয় প্ৰকাৰ শাস্তি একেলগে বিহা হৈছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

কাফিৰসকলক আৰু পাপিষ্ঠ লোকসকলক জাহান্নামৰ এই শাস্তিৰ দ্বাৰা সতৰ্ক কৰা হৈছে, যাতে সিহঁত এনেকুৱা কৰ্মৰ পৰা আঁতৰি থাকে, যিবোৰ কৰিলে এনেকুৱা শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব।

জাহান্নামত প্ৰৱেশ কৰা লোকসকলৰ শাস্তি সিহঁতৰ বেয়া কৰ্ম অনুসৰি বেলেগ বেলেগ হ'ব।

জাহান্নামৰ শাস্তি অত্যন্ত কঠোৰ। মহান আল্লাহে আমাক ইয়াৰ পৰা ৰক্ষা কৰক।

সম্পাদক

ছহীহ বুখাৰী (8/ 115) (6561).

ছহীহ মুছলিম (1/ 196) (213).

অধিক (9)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 366).

كنوز رياض الصالحين.

لمجموعة من الباحثين (6/ 394).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 472).

شرح رياض الصالحين.

لابن عثيمين (3/ 295).

المعجم الوسيط (1/ 256).