Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।"
ছহীহ (মুছলিম)
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
ছহীহ নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
"মানুহে নিজৰ বন্ধুৰ পথ অনুকৰণ কৰে। গতিকে তোমালোকৰ মাজৰ প্ৰত্যেকেই মনোযোগ দিয়া উচিত যে, সি কাক বন্ধুৰূপে গ্ৰহণ কৰিছে।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"(এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি যদি সিহঁতে গুঁই সাপৰ গাততো সোমাই পৰে তথাপিও তোমালোকে সিহঁতক অনুসৰণ কৰিবা।" আমি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কথা কৈছে নেকি? তেখেতে ক'লেঃ "তেন্তে আৰুনো কাৰ কথা?"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে বেলেগ কোনো সম্প্রদায়ৰ সাদৃশ্য গ্রহণ কৰিব, সি সিহঁতৰেই অন্তর্ভুক্ত বুলি গণ্য হ’ব।
হাছান (আবু দাঊদ, আহমদ)
যিয়ে আনৰ ক্ষতি কৰিব, আল্লাহেও সেইটোৰ দ্বাৰাই তাক ক্ষতি কৰিব। আনহাতে যিয়ে আনক কষ্টত পেলাব, আল্লাহেও তাক কষ্টত পেলাব।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)