Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া জানাবাতৰ (ফৰজ) গোছল কৰিছিল, তেতিয়া তেখেতে প্ৰথমে ভালকৈ দুয়োখন হাত ধুইছিল। তাৰ পিছত নামাজৰ অজুৰ দৰে অজু কৰিছিল। তাৰ পিছত গোছল কৰিছিল। ইয়াৰ পিছত তেখেতে হাতেৰে চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছাল পৰ্যন্ত ঢুকি পাইছে তেতিয়া তেখেতে গোটেই শৰীৰত তিনিবাৰ পানী ঢালিছিল। তাৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। লগতে তেওঁ কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম একে পাত্ৰৰ পৰা পানীলৈ একেলগে গা ধুইছিলোঁ।

كَانَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا اغْتَسَلَ مِنَ الجَنَابَةِ، غَسَلَ يَدَيْهِ، وَتَوَضَّأَ وُضُوءَهُ لِلصَّلاَةِ، ثُمَّ اغْتَسَلَ، ثُمَّ يُخَلِّلُ بِيَدِهِ شَعَرَهُ، حَتَّى إِذَا ظَنَّ أَنَّهُ قَدْ أَرْوَى بَشَرَتَهُ، أَفَاضَ عَلَيْهِ المَاءَ ثَلاَثَ مَرَّاتٍ، ثُمَّ غَسَلَ سَائِرَ جَسَدِهِ، وَقَالَتْ: كُنْتُ أَغْتَسِلُ أَنَا وَرَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ إِنَاءٍ وَاحِدٍ، نَغْرِفُ مِنْهُ جَمِيعًا.

(বুখাৰী)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানাবতৰ গোছল কৰাৰ সময়ত প্ৰথমে দুয়োখন হাত ঘঁহি ঘঁহি ধুই লৈছিল। ইয়াৰ পিছত তেখেতে নামাজৰ অজুৰ দৰে অজু কৰিছিল। ইয়াৰ পিছত দুয়ো হাতেৰে মূৰৰ চুলিবোৰ খিলাল কৰিছিল। যেতিয়া তেখেতে নিশ্চিত হৈছিল যে, পানী ছালৰ গুৰিলৈকে ঢুকি পাইছে তেতিয়া তেখেতে মূৰত তিনিবাৰ পানী ঢালিছিল, ইয়াৰ পিছত গোটেই শৰীৰত পানী ঢালিছিল। এইখিনি বৰ্ণনা কৰাৰ পিছত আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ মই আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এখন পাত্ৰৰ পৰাই পানীলৈ গোছল কৰিছিলোঁ।

শব্দাৰ্থ

ثُمَّ يُخَلِّلُ بِيَدَيْهِ شَعْرَهُ: التخليل هنا إدخال الأصابع المبتلة بين أجزاء الشعر.

أَنَّهُ قَدْ أَرْوَى بَشَرَتَهُ: أوصل الماء إلى أصول الشعر، والبشرة المرادة هنا: ظاهر الجلد المستور بالشعر.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

গোছল দুই প্ৰকাৰঃ পৰ্যাপ্ত গোছল আৰু পৰিপূৰ্ণ গোছল। পৰ্যাপ্ত গোছল কোৱা হয়, কুলি আৰু নাক চাফ কৰি পৰিস্কাৰ পৰিচ্ছন্নতাৰ উদ্দেশ্যে গোটেই শৰীৰত পানী ঢালি গোছল কৰা। আনহাতে পৰিপূৰ্ণ গোছল হৈছে সেইদৰে গোছল কৰা, যিদৰে এই হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোছল কৰিছিল বুলি বৰ্ণিত হৈছে।

জানাবাত কোৱা হয় বীৰ্য স্খলিত হোৱা অৱস্থাক, যি উপায়েৰেই হওক। স্ত্ৰী সহবাসৰ কাৰণে হওক বা বেয়া সপোন দেখাৰ ফলত। আনহাতে স্ত্ৰীৰ সৈতে মিলন কৰাৰ পিছত বীৰ্যস্খলন নহ'লেও সেইটোক জানাবাত বুলি কোৱা হয়।

স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ গোপন অংগত দৃষ্টিপাত কৰাত কোনো অসুবিধা নাই আৰু এইদৰে একে পাত্ৰৰ পৰা পানীলৈ একেলগে গোছল কৰাতো কোনো বাধা নাই।

সম্পাদক

ছহীহ বুখাৰী (1/ 63) (272.

273).

অধিক (6)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 48).

تيسير العلام شرح عمدة الأحكام.

للبسام (ص62).

خلاصة الكلام شرح عمدة الأحكام.

لفيصل آل مبارك (ص33).