Skip to content

(এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে।

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"(এইটো উমান পোৱা গৈছে যে,) নিশ্চিতভাৱে তোমালোকে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ পৰিপূৰ্ণৰূপে অনুসৰণ কৰিবা, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি যদি সিহঁতে গুঁই সাপৰ গাততো সোমাই পৰে তথাপিও তোমালোকে সিহঁতক অনুসৰণ কৰিবা।" আমি সুধিলোঁ, হে আল্লাহৰ ৰাছুল! ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ কথা কৈছে নেকি? তেখেতে ক'লেঃ "তেন্তে আৰুনো কাৰ কথা?"

«لَتَتَّبِعُنَّ سَنَنَ الَّذِينَ مِنْ قَبْلِكُمْ، شِبْرًا بِشِبْرٍ، وَذِرَاعًا بِذِرَاعٍ، حَتَّى لَوْ دَخَلُوا فِي جُحْرِ ضَبٍّ لَاتَّبَعْتُمُوهُمْ» قُلْنَا: يَا رَسُولَ اللهِ آلْيَهُودَ وَالنَّصَارَى؟ قَالَ: «فَمَنْ؟».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতৰ কিছুমান লোকৰ অৱস্থা বৰ্ণনা কৰিছে যে, পৰৱৰ্তী সময়ত সিহঁতে ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ আক্বীদাহ, কাৰ্যকলাপ, অভ্যাস আদিৰ অনুসৰণ কৰিব। পৰিপূৰ্ণৰূপে অনুসৰণ কৰিব, প্ৰতি বেগেতে বেগেতে আৰু প্ৰতি গজে গজে। আনকি সিহঁতে যদি গুঁই সাপৰ গাততো সোমায় তেন্তে ইহঁতেও সিহঁতৰ পিছে পিছে তাত সোমাব।

শব্দাৰ্থ

قال فمن؟: استفهامٌ إنكاريٌّ أي: فمن هم غيرُ أولئك.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এইটো তেখেতৰ নুবুওৱতৰ অন্যতম এটা প্ৰতীক। কাৰণ এই ঘটনা সংঘটিত হোৱাৰ আগতেই তেখেতে ইয়াৰ সংবাদ দিছে। আনকি তেখেতে যেনেকৈ কৈছিল তেনেকৈ সংঘটিতও হৈছে।

মুছলিমসকলক কাফিৰসকলৰ সাদৃশ্যতা গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে। সেয়া আক্বীদাহ সম্পৰ্কীয় কোনো বিষয় হওক বা ইবাদত সম্পৰ্কীয়, নাইবা উৎসৱ অথবা অভ্যাস সম্পৰ্কীয় বিষয়ে হওক।

বাহ্যিক উদাহৰণৰ জৰিয়তে অভৌতিক বিষয় স্পষ্ট কৰাটো হৈছে ইছলামৰ অন্যতম এটা শিক্ষণ পদ্ধতি।

গুঁই সাপঃ এনেকুৱা এটা প্ৰাণী, যি অতি গভীৰ গাঁতত থাকে। বেছি ভাগ সময় মৰভূমিত বাস কৰা এইটো হৈছে সৰীসৃপ প্ৰজাতিৰ এটা প্ৰাণী। হাদীছটোত গুঁই সাপৰ গাঁতক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, ইয়াৰ গাঁত অতি সংকীৰ্ণ তথা অতি গভীৰ। ইয়াৰ পিছতো কিছুমান লোকে সিহঁতৰ পথৰ অনুসৰণ কৰিব। যদি সিহঁতে এনেকুৱা সংকীৰ্ণ গাঁততো সোমাই পৰে, তথাপিও ইহঁতে সিহঁতৰ পিছে পিছে সোমাই যাব। আল্লাহেই সহায়ক।

সম্পাদক

ছহীহ বুখাৰী (9/ 103) (7320).

ছহীহ মুছলিম (4/ 2054) (2669).

অধিক (4)

الجديد في شرح كتاب التوحيد.

لمحمد القرعاوي (ص213).

الملخص في شرح كتاب التوحيد.

لصالح الفوزان (ص193).