Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ।

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ।

كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَشَدَّ حَيَاءً مِنَ العَذْرَاءِ فِي خِدْرِهَا، فَإِذَا رَأَى شَيْئًا يَكْرَهُهُ عَرَفْنَاهُ فِي وَجْهِهِ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লজ্জাশীল আছিল। তেখেত ইমান লাজুক আছিল যে, তেখেতে কোনো বস্তু অপছন্দ কৰিলে সেয়া মুখেৰে প্ৰকাশ নকৰিলেও চাহাবাসকলে তেখেতৰ মুখমণ্ডল দেখিয়ে সেয়া অনুভৱ কৰিব পাৰিছিল।

শব্দাৰ্থ

العَذْرَاء: البكر، وهي الأنثى التي لم يمسها رجل، سميت به لبقاء عذرتها، وهي ما يكون من التحام في فم الرحم.

الخِدْر: ناحية في البيت يترك عليها ستر.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লজ্জাশীলতাৰ বিষয়টো উল্লেখ হৈছে, আৰু এইটো হৈছে এটা মহান চৰিত্ৰ।

আল্লাহৰ সীমাৰেখা উলংঘা নোহোৱা ক্ষেত্ৰত তেখেত লাজুক আছিল। কিন্তু যেতিয়া এনেকুৱা কোনো বিষয় সংঘটিত হৈছিল য'ত আল্লাহৰ সীমাৰেখা উলংঘা হৈছিল, তেতিয়া তেখেত ক্ৰোধান্বিত হৈছিল, আৰু চাহাবাসকলক আদেশ কৰিছিল তথা নিষেধ কৰিছিল।

লজ্জাশীল হ'বলৈ উৎসাহিত কৰা হৈছে। কাৰণ লজ্জাশীলতাই মানুহক ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে আৰু বেয়া কামৰ পৰা বিৰত ৰাখে।

সম্পাদক

ছহীহ বুখাৰী (8/ 26) (6102).

ছহীহ মুছলিম (4/ 1809) (2320).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 11).

شرح رياض الصالحين.

لابن عثيمين (4/ 32).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 562).